Skip to playerSkip to main content
  • 10 minutes ago
ধুবুৰী: ধুবুৰী জিলা মীন বিভাগে জিলাখনৰ বিভিন্ন অঞ্চলত কণীযুক্ত মাছ ধৰা বা বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । সেই সন্দৰ্ভত সজাগতামূলক পদক্ষেপো গ্ৰহণ কৰিছে । পহিলা এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মীন আইন (মীন নীতি, ১৯৫৩ আৰু সংশোধিত নিয়ম) অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো সকলো প্ৰাকৃতিক জলাশয়, নদী আৰু বিলত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।  মঙলবাৰে এই সন্দৰ্ভত ধুবুৰী জিলা মীন বিষয়া প্ৰতুল ডেকাই কয়,"এই সময়ছোৱাত মাছৰ প্ৰজননৰ বাবে কণী থকা মাছ সংৰক্ষণ কৰা হয় । মাছৰ পোনা সংৰক্ষণৰ বাবে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে ৭ চেণ্টিমিটাৰতকৈ (৭/১৪ চেঃমিঃ) সৰু ঘৰৰ বৰজাল বা মহাজালৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ । "প্ৰজনন কালত কণী বা পোনা থকা মাছ যেনে ৰৌ, ভকুৱা, চিতল, মালি, কুহী আদি ধৰা বা বিক্ৰী কৰাটো নিষিদ্ধ । যদি কোনোৱে এই আইন উলংঘা কৰে, তেন্তে অসম মীন আইন অনুসৰি তেওঁক ১০০০ টকাৰ পৰা আৰম্ভ কৰি ৫০০০ টকালৈকে জৰিমনা বিহাৰ লগতে জালসমূহ বাজেয়াপ্ত কৰা হ’ব পাৰে । আনহাতে নিষিদ্ধ থাইলেণ্ড মাগুৰৰ উৎপাদন, প্ৰতিপালন আৰু বিক্ৰী কৰাটো আইনমতে দণ্ডনীয় বুলি উল্লেখ ধুবুৰী জিলা মীন বিষয়াগৰাকীয়ে ।লগতে পঢ়ক:নিষেধাজ্ঞা সত্বেও অসাধু লোকে ধৰিছে কণীযুক্ত মাছ, ২০খন জাল জব্দ

Category

🗞
News
Comments

Recommended