Skip to playerSkip to main content
  • 25 minutes ago
নলবাৰী : নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰত শনিবাৰে ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰ অনুষ্ঠিত কৰা হয় । নলবাৰী জিলা আৰক্ষীৰ সহযোগত আৰু মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ এই সমূহীয়া দৌৰৰ আয়োজন কৰা হয় ৷ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই এই সমূহীয়া দৌৰৰ শুভাৰম্ভ কৰে ।মুকালমুৱাৰ ৰামপুৰ চ'কৰ পৰা দৌলাশাল চ'কলৈ এই সমূহীয়া দৌৰ অনুষ্ঠিত হয় । সহস্ৰাধিক যুৱক-যুৱতীৰ লগতে অসম আৰক্ষীৰ লোকসকল এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে ।উল্লেখযোগ্য যে মুকালমুৱাৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত অসমৰ প্ৰথমটো বৈজ্ঞানিক ভিত্তিত ড্ৰাগছ ধ্বংস কৰা প্ৰকল্প স্থাপন কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে ।বিধায়ক নাৰায়ণ ডেকাই কয়, ‘‘বৰ্তমান আমাৰ সমাজখনক ড্ৰাগছে বেয়াকৈ ছানি ধৰিছে ৷ এখন সমাজ তেতিয়াহে সবল হ’ব, যেতিয়া আজিৰ যুৱসকল শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থাকিব ৷ যুৱপ্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আঁতৰাই অনা আৰু ড্ৰাগছমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰী বহু পদক্ষেপ গ্ৰহণ কৰিছে ৷ তাৰে অংশ হিচাবে সমাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে আজি এই সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে ৷’’লগতে পঢ়ক : বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ, গ্ৰেপ্তাৰ এক

Category

🗞
News
Transcript
00:00Our drugs are compared to them. Our drugs are compared to us.
00:06The drugs are compared to our pissed people from us,
00:17so we're not able to see that drugs are compared to others.
00:51Thank you very much.
01:19Thank you very much.
01:48Thank you very much.
Comments

Recommended