Skip to playerSkip to main content
  • 1 week ago
লখিমপুৰ: নাওবৈচাত মৰ্মান্তিক ঘটনা । সমষ্টিটোৰ দৌলতপুৰত দুগৰাকী কিশোৰীৰ পুখুৰীত গা ধুই থকাৰ সময়তে পানীত ডুবি মৃত্যু হয় । এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে । মৃত কিশোৰী দুগৰাকী হ’ল নাজিয়া চুলতানা আৰু ছাহিনা চুলতানা  ।স্থানীয় ৰাইজৰ মতে, এটা পুখুৰীত গা ধুই থকাৰ সময়ত হঠাৎ দুয়োগৰাকী কিশোৰী ডুব যায় । পাছত স্থানীয় লোকে বহু কষ্ট কৰি কিশোৰী দুগৰাকীৰ মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাৰ পিছতে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক খবৰ দিয়ে যদিও প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পিছতো ঘটনাস্থলীত কোনো উদ্ধাৰকাৰী দল উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । যাৰ বাবে স্থানীয় ৰাইজে নিজা উদ্যোগত উদ্ধাৰ অভিযান চলাই দুয়োগৰাকী কিশোৰীক পানীৰ পৰা উদ্ধাৰ কৰে । কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বিশেষকৈ দুৰ্যোগ প্ৰশমন আৰু উদ্ধাৰ ব্যৱস্থাৰ চূড়ান্ত শিথিলতা আৰু দায়িত্বহীনতাক লৈ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।লগতে পঢ়ক: অসমৰ বলিয়া বানত কোঙা লাখ লাখ গঞা, বহু গাঁৱৰ জঁকাটোহে ৰ’ল বানৰ শেষত

Category

🗞
News
Transcript
00:00I am a member of the government, and I am a member of the government.
Comments

Recommended