Skip to playerSkip to main content
  • 2 days ago
তেজপুৰ: ৰাজ্যৰ চৌদিশে গৰু বিহুৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে মঙলবাৰে এক শোকাবহ ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত । গা-ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় অজয় কুৰ্মী নামৰ বনকৰ্মী এজনৰ । ঘটনা অনুসৰি, ঢেকিয়াজুলীৰ বাসিন্দা অজয় কুৰ্মী উদ্যানখনৰ অস্থায়ী কৰ্মী হিচাপে কৰ্মৰত আছিল ৷ ৪ নং শিয়ালমাৰীৰ সমীপৰ বালিকেম্পৰ দায়িত্ব পালন কৰি আছিল নিহত বনকৰ্মীজন । কিন্তু গৰু বিহুৰ দিনা পুৱা কেম্পটোৰ ওচৰত থকা এটা দ-খাৱৈত গা-ধুবলৈ গৈ পানীত ডুবি যায় বনকৰ্মী কুৰ্মী । ঘটনাটোৰ পিছত সহকৰ্মীসকলে ততাতৈয়াকৈ উদ্ধাৰ অভিযানত নামে যদিও সফল নহ'ল । পৰৱৰ্তী সময়ত এছডিআৰএফে উদ্ধাৰ কৰে বনকৰ্মী কুৰ্মীৰ মৃতদেহ ।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ধনশ্ৰী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান জিঅ-টিউব বান্ধৰ বাবে ঠিকাদাৰে উদ্যানখনৰ ভিতৰৰ পৰা বালি-মাটি সংগ্ৰহ কৰাৰ ফলত বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছিল । উক্ত গাঁতসমূহৰ বাবেই এই অঘটন হ'ল বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে উদ্যানখনৰ বনাঞ্চলিক বিষয়া ৰূপম দলেই কয় যে, ঘটনা সংঘটিত হোৱা স্থান উদ্যানখনৰ অধীনত নহয়  ৷ এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷লগতে পঢ়ক:মোগলক পৰাস্ত কৰা অসমীয়াক কোনে কয় এলেহুৱা বুলি ? জজ খেলপথাৰত আছুৰ উদ্যোগত মুকলি বিহু

Category

🗞
News
Transcript
00:00Oh
Comments

Recommended