Skip to playerSkip to main content
  • 11 hours ago
নলবাৰী : ৰঙালী বিহুৰ আনন্দৰ মাজতেই সংঘটিত শোকাৱহ ঘটনাই জোকাৰি গ'ল বাক্সা ,নলবাৰী আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল নিজবৰশিৰাল । গা ধুবলৈ গৈ পাগলাদিয়া নৈত তিনিগৰাকী লোকৰ সলিল সমাধি ঘটে । উল্লেখযোগ্য যে নিজবৰশিৰালৰ মনোৰঞ্জন ডেকাৰ গৃহলৈ ফুৰিবলৈ আহিছিল গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ এটা পৰিয়াল । পৰিয়ালটোৰ পিংকী দাস আৰু ৰোহিত দাসে বিয়লিৰ ভাগত গা ধুবলৈ গৈছিল পাগলাদিয়া নৈত । লগতে নলবাৰীৰ আত্মীয় পৰিয়ালটোৰ মহিলা গুদ্দু ডেকায়ো গৈছিল  ।প্ৰথমে পিংকী দাস নৈত ডুব যোৱাত উদ্ধাৰ কৰিবলৈ ভাতৃ ৰোহিত দাস আৰু ভগ্নী গুদ্দু ডেকাই চেষ্টা কৰোতে তেওঁলোকো সন্ধানহীন হৈ পৰে । পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তিনিওকে নৈৰ পৰা উদ্ধাৰ কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আটাইকেইগৰাকীৰে মৃত্য়ু হয় । স্থানীয় লোকৰ ভাষ্য অনুসৰি মথাউৰি নিৰ্মাণৰ কামত নদীৰ বুকুৰ বালি খন্দাত সেই স্থানত দ' গাঁত হৈছে । হয়তো সেই গাঁতত পৰিয়েই তেওঁলোক পানীত ডুব যায় ।লগতে পঢ়ক:গংগাত গা ধুবলৈ গৈ ডুবিল ৭ শিশু

Category

🗞
News
Comments

Recommended