মৰিগাঁও : এতিয়া ৰাজ্য়ৰ চৌপাশে বন্য়াৰ্তৰ আৰ্তনাদ । সকলোৱে এটুপি বিশুদ্ধ খোৱাপানী, পেট ভৰাই খাবলৈ খাদ্য়, থাকিবলৈ বাসস্থান আৰু বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে । ইয়াৰ মাজতে বহুতেই বানাক্ৰান্তক সহায়ৰ বাবে আগুৱাই আহিছে ।বিপদৰ সময়ত মানুহৰ কাষত থিয় হোৱাই হৈছে প্ৰকৃত মানৱতা । এই মানৱতাৰ আদৰ্শক বুকুত লৈ পুনৰ এবাৰ বানাক্ৰান্তক সহায় কৰিবলৈ স্বেচ্ছাসেৱী সংগঠন সহায় অসম আগবাঢ়ি আহিছে । সংগঠনটোৰ উদ্যোগত আৰু চুলতান হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সহযোগত উজনি অসমৰ বানপীড়িত অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে । সংগঠনটোৰ সভাপতি ৰাজু মহন্তৰ নেতৃত্বত স্বেচ্ছাসেৱকৰ এটি দল খাদ্য সামগ্ৰী লৈ উজনি অসমৰ যোৰহাট জিলা বিভিন্ন প্ৰান্তৰ বানপীড়িত অঞ্চলসমূহত খাদ্য সামগ্ৰী বিতৰণ কৰে ।লগতে পঢ়ক:অসমৰ বানত ৬০ৰো অধিক লোকৰ মৃত্যু; ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশজলপ্ৰলয়ে নিঃশেষ কৰা শিক্ষাৰ্থী জীৱন পুনৰুজ্জীৱিত কৰাৰ চেষ্টা; ৰ'দত শুকুৱাইছে কিতাপ-বহী
Comments