যোৰহাট : যোৰহাটত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হৈছে । দেওবাৰে নিশা ৰজামৈদাম গজপুৰীয়াত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত মুহূৰ্ততে ৪ৰ পৰা ৫টা বাসগৃহ ভস্মীভূত হয়। যিকেইটা বাসগৃহ ভস্মীভূত হয় সেইকেইটাত ব্যৱসায়িকসূত্ৰে বহিঃৰাজ্য়ৰ পৰা অহা কেইবাজনো লোকে পৰিয়ালসহ বসবাস কৰিছিল ।এই অগ্নিকাণ্ডত বাসগৃহকেইটাত থকা কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হয় । ঘন জনবসতিপূৰ্ণ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে । যিস্থানত অগ্নিকাণ্ড সংঘটিত হৈছিল সেই স্থানৰ নিচেই কাষতে আছে কমলাবাৰী সত্ৰৰ এখন শাখা সত্ৰ ।লগতে পঢ়ক:যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূতযোৰহাটত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে শিক্ষকে
Comments