Skip to playerSkip to main content
  • 1 day ago
নলবাৰী : সোমবাৰে বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ উদ্যোগত নলবাৰী জিলাৰ বৰভাগৰ শংকৰদেৱ শিশু নিকেতনত ককা-আইতা দিৱস পালন কৰা হয় । দিৱসটোৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ৫০ গৰাকীৰো অধিক ককা-আইতাৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে ৷বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক বিনোদ চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হয় ককা-আইতা দিৱসৰ উপলক্ষে অনুষ্ঠিত বিশেষ সভা ৷সভাত ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ প্ৰধান আচাৰ্য হিমানী বৈশ্যই কয়, "ককা-আইতাসকল প্ৰতিটো পৰিয়ালৰ বাবে পৰম পূজনীয় । বয়সৰ লগে লগে তেওঁলোকে অকলশৰীয়া অনুভৱ কৰে। আমি সকলোৱে তেওঁলোকৰ এই অনুভৱ দূৰ কৰিব লাগিব ৷"বিদ্যালয়খনৰ শৈক্ষিক সঞ্চালক তিলক বৈশ্য, কিশোৰ শৰ্মা, উপ প্ৰধান আচাৰ্য নৱজিৎ বৈশ্যৰ লগতে বিদ্যালয়খনৰ অন্যান্য আচাৰ্য-আচাৰ্যা, পৰিচালনা সমিতিৰ বিভিন্ন বিষয়ববীয়া তথা শিক্ষাৰ্থীসকল উপস্থিত থকা সভাত আচাৰ্যা ডালিমী বৰুৱা বৈশ্য, ছাত্ৰী নিহাৰিকা মেচবিনে ভাষণ দিয়াৰ লগতে ছাত্র হৃদয়জ্যোতি তালুকদাৰে কবিতা পাঠ কৰে ।লগতো পঢ়ক : অভাৱৰ পৰা আত্মনিৰ্ভৰশীলতালৈঃ পূজা শইকীয়াৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা

Category

🗞
News
Transcript
00:00Woo! Woo!
00:57Satsang with Mooji
01:25Satsang with Mooji
01:57Satsang with Mooji
02:27Satsang with Mooji
02:58Satsang with Mooji
03:08Satsang with Mooji
03:12Satsang with Mooji
03:12Satsang with Mooji
Comments

Recommended