Skip to playerSkip to main content
  • 8 hours ago
নলবাৰী: ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱত মুকলি কৰা হয় বস্ত্ৰমেলা । হস্ততাঁত বস্ত্ৰশিল্প বিভাগে আয়োজন কৰা এই বস্ত্ৰমেলাখন উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । থলুৱা শিপিনীসকলক উৎপাদনমুখী কৰাৰ লগতে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে মুকলি কৰা হৈছে বস্ত্ৰমেলাখন । হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, ভাৰত চৰকাৰৰ সৌজন্যত দেওবাৰে নিশা উক্ত বস্ত্ৰমেলাখন মুকলি কৰা হয় ।এই বস্ত্ৰমেলাখন ১৩ নৱেম্বৰলৈ চলিব । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ থলুৱা শিপিনীসকলৰ বাবে এখন বজাৰ সৃষ্টিৰ উদ্দেশ্যে বস্ত্ৰমেলাখনৰ আয়োজন কৰা বুলি নলবাৰী জিলা হস্ততাঁত বস্ত্ৰশিল্প বিভাগে জানিবলৈ দিয়ে । এই অনুষ্ঠানটোত নলবাৰী জিলা বিষয়াৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিপিনী কেন্দ্ৰ, আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে ।বস্ত্ৰমেলাখন মুকলি কৰি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয়, "এই মেলাখনে নলবাৰী জিলাৰ যিখিনি শিপিনী আছে, তেওঁলোকে উৎপাদন কৰা বস্ত্ৰ বিক্ৰীৰ বাবে এখন বজাৰ লাভ কৰিব ।"লগতে পঢ়ক:হাতত নাহৰ, বুকুত বিৰহ, প্ৰাণৰ শিল্পীৰ গীতেৰে এটি প্ৰহৰৰাস মহোৎসৱক লৈ উদুলি-মুদুলি নলবাৰী চহৰ, হৰিমন্দিৰৰ মুখ্যদ্বাৰ মুকলি

Category

🗞
News
Transcript
00:00Thank you for listening.
Be the first to comment
Add your comment

Recommended