Skip to playerSkip to main content
  • 13 minutes ago
যোৰহাট : ৰাজ্য়ত চলি থকা নিৰ্বাচনী গৰম বতাহৰ মাজতেই যোৰহাট নগৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় । দুমাহৰো কম ব্যৱধানত যোৰহাটত তিনিটাকৈ অগ্নিকাণ্ডৰ ঘটনা ঘটিছে ।বুধবাৰে পুৱতি নিশা প্ৰায় ১ বজাত যোৰহাট নগৰৰ নিউভিল ৰোডৰ অস্থায়ী মাছৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড । জুইৰ লেলিহান শিখাই অস্থায়ী মাছ বজাৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ বিয়পি পৰাত ১০খনৰো অধিক দোকান জুইত জাহ যায় । বহু প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও আটাইকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান নিঃশেষ হৈছে । এই অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় । কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'বলৈ পালে এতিয়ালৈকে জানিব পৰা হোৱা নাই ।লগতে পঢ়ক:যোৰহাটত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে শিক্ষকেবৈদ্যুতিক বাহনত চাৰ্জ দি থাকোতেই লাগিল জুই : ৮ জনকৈ লোকৰ মৃত্যু

Category

🗞
News
Transcript
00:00Oh
Comments

Recommended