যোৰহাট : যোৰহাট মাজমজিয়াত মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ যোৰহাটৰ বৰুৱা চাৰিআলিৰ সমীপৰ মেজিক ষ্টেণ্ডত যাত্ৰীৰ বাবে অপেক্ষাৰত এখন বাহনত হঠাতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ । ৰাজপথৰ কাষত ৰৈ থকা সময়তে হঠাতে দাওদাওকৈ জ্বলি উঠে বাহনখন । অগ্নিকাণ্ডৰ ফলত ‘চানিয়া’ নামৰ মেক্সিম’ বাহনখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । যান্ত্ৰিক বিজুতিৰ বাবেই বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । অৱশ্যে অগ্নিকাণ্ডৰ ঘটনাটোত চালক অথবা অন্য কোনো ব্যক্তি হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে ।অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভেদ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । চহৰৰ মাজমজিয়াত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত কিছুসময়ৰ বাবে অঞ্চলজুৰি এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় ।লগতে পঢ়ক : পথৰ পৰা বাগৰি দ খাৱৈত পৰিল বাছ : নিহত ২১, আহত ৬১
Comments