সোণাপুৰ: বিগত কেইবাদিনো ধৰি কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে বহু পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে । নিশা হ'লেই চিন্তা বাঢ়ে অঞ্চলটোৰ লোকসকলৰ । যোৱা ৩ টা দিনত নিশা বন্যহস্তীয়ে ৩ খন গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে । যাৰ বাবে লোকসকল আতংকিত হৈ পৰিছে । দেওবাৰে নিশা হেলাগোগ বেঙেনাবাৰীত বন্যহস্তীয়ে সূৰ্যা ভাৱালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । কোনোমতে পৰিয়ালটোৱে সেই স্থানৰ পৰা পলায়ন কৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । কেইবাদিনো ধৰি বনৰীয়া হাতীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই থকাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে । শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে চৰকাৰ আৰু বন বিভাগক দাবী জনাইছে ।লগতে পঢ়ক :ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ
Transcript
00:02I
00:09I
00:11I
00:11I
00:11I
00:20I
00:21I
00:21I
00:22I
00:22I
00:29I
00:30I
00:32I
00:33I
00:33I
00:36I
00:37I
00:38I
00:40I
00:41I
00:57I
00:58I
00:59I
01:00I
01:01I
01:02I
01:02I
01:02I
01:02I
01:02I
01:06I
01:10I
01:11I
01:13I
01:14I
01:14I
01:14I
01:15I
01:15I
01:15I
01:16I
01:16I
01:19I
01:20I
01:20I
01:20I
01:20I
01:21I
01:21I
01:32I
01:32I
01:32I
01:32I
01:32I
01:34I
01:34I
01:35I
01:35I
01:35I
01:36I
01:36I
01:37I
Comments