Skip to playerSkip to main content
  • 19 minutes ago
ধিং : মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মঙলবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰে । অসম চৰকাৰৰ কৃষি বিভাগৰ খেতি বচাও অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত ধিং সমষ্টিৰ পাঁচখন গাঁও পঞ্চায়তত এই বীজ বিতৰণ কৰা হয় ।নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে ধিং সমষ্টিৰ এহেজাৰৰো অধিক প্ৰগতিশীল কৃষকক CR-307 আৰু CR-310 জাতৰ উন্নত ধানৰ বীজ প্ৰদান কৰা হয় । বিশেষভাৱে, এই ধানৰ জাতসমূহ মধুমেহ ৰোগীৰ বাবে তুলনামূলকভাৱে উপযোগী গুণসম্পন্ন বুলি কৃষি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ।বীজ বিতৰণ অনুষ্ঠানৰ সমান্তৰালভাৱে এখন কৃষি সজাগতা সভাও অনুষ্ঠিত হয় । সভাত উপস্থিত থাকি বিধায়ক মেহবুব মুক্তাৰে আধুনিক আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কৃষকসকলক উন্নত বীজ, সঠিক কৃষি পৰিচালনা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ অধিক উৎপাদন লাভ কৰিব পাৰি, সেই বিষয়ে বিস্তৃতভাৱে অৱগত কৰে ।লগতে পঢ়ক : কণীযুক্ত মাছ ধৰা-বিক্ৰীত নিষেধাজ্ঞা ধুবুৰী মীন বিভাগৰ

Category

🗞
News
Transcript
00:29Thank you very much.
00:59Thank you very much.
01:00Thank you very much.
Comments

Recommended