Skip to playerSkip to main content
  • 23 hours ago
মাজুলী : মাজুলীৰ স্বেচ্ছাসেৱী সংগঠন 'সৃষ্টি: এক সমন্বয়ৰ যাত্ৰা'ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ব’হাগী উৎসৱৰ দেওবাৰে সামৰণি পৰে । উৎসৱৰ অন্তিম নিশা জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ গীতৰ শৰাইৰে সাংস্কৃতিক সন্ধিয়াটো জিলিকি উঠে । শিল্পীগৰাকীৰ সুমধুৰ গীতে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অবিহনে এইবাৰৰ ব’হাগৰ উৎসাহ যেন কিছু ম্লান পৰিছে । প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই ৰাজ্যবাসী শোকস্তব্ধ যদিও পৰম্পৰা ৰক্ষা কৰি সকলোৱে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিছে ।প্ৰথম দিনা প্ৰায় ৫০০ বিহুৱা-বিহুৱতীৰ বিহু প্ৰদৰ্শনেৰে উৎসৱৰ শুভাৰম্ভ কৰা হৈছিল । সেইদিনা সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় । দ্বিতীয় দিনা দিনৰ ভাগত মিচিং বিহু আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । নিশাৰ সাংস্কৃতিক কাৰ্যসূচী আৰু দীক্ষুৰ সংগীত পৰিৱেশনেৰে এই দুদিনীয়া সমন্বয় যাত্ৰাৰ সামৰণি মৰা হয় ।লগতে পঢ়ক : পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?

Category

🗞
News
Transcript
00:03Oh
Comments

Recommended