Skip to playerSkip to main content
  • 3 months ago
বঢ়মপুৰ : নীপকোৱে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খাঁডং বান্ধৰ সাতটাকৈ গেট খুলি দিয়াৰ পাছতে হোজাই, নগাঁও, মৰিগাঁও, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং জিলাৰ একাংশ অঞ্চল বানপানীৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে সোমবাৰৰ পুৱাৰে পৰা কপিলী নদীৰ জলস্তৰ হোৰাহোৰে বৃদ্ধি পাইছে ৷নগাঁৱৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, খাঁডং গেটেৰে প্ৰায় ১,৩০০ কিউমেক্স মিটাৰ পানী এৰা হৈছে । ফলত যমুনামুখ আৰু কপিলী নৈৰ জলস্তৰ বৃদ্ধি হৈছে ।ইতিমধ্যে প্ৰশাসনে নৈপৰীয়া অঞ্চলত সতৰ্কতা জাৰি কৰিছে । উল্লেখ্য যে, প্ৰতি বছৰে বানত আক্ৰান্ত বঢ়মপুৰ সমষ্টিৰ কামপুৰ আৰু যমুনামুখ অঞ্চলত বহুকেইটা গুৰুতপূৰ্ণ মথাউৰি নিৰ্মাণ হোৱাত অধিক ক্ষতিৰ পৰা পৰিত্ৰান পাব বুলি আশংকা কৰিছে ৰাইজে ৷লগতে পঢ়ক :নীপকোৱে এৰিলে খাণ্ডং বান্ধৰ পানী; নামনি অঞ্চলত হাহাকাৰ

Category

🗞
News
Transcript
00:18Oh
00:19Oh
00:30Oh, right to look out.
01:25Oh, right.
01:36Oh, right.
Comments

Recommended