সৰুপথাৰ: অসমৰ সৰ্বত্ৰে নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে । শেহতীয়াকৈ ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজায় অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ শক্তি প্ৰদৰ্শনেৰে দেওবাৰে সৰুপথাৰত চলালে নিৰ্বাচনী প্ৰচাৰ ।সৰুপথাৰ সমষ্টিত এইবাৰ বিৰোধী মিত্ৰজোঁটে এক বিশেষ কৌশল গ্ৰহণ কৰিছে । এই সমষ্টিটোত কংগ্রেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ মনোনীত প্রার্থী হিচাপে থিয় দিছে অসম জাতীয় পৰিষদৰ (AJP) নেতা জীৱন চুতীয়া । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ ভোট বিচাৰি গৌৰৱ গগৈয়ে সৰুপথাৰত উপস্থিত হৈ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়ে । জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সেৱা লৈ গগৈয়ে আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ । সৰুপথাৰত উপস্থিত হোৱাৰ পাছতেই গায়ন-বায়ন, ঢুলীয়া-নাচনীয়ে আদৰণি জনায় নেতাগৰাকীক ৷লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে নিজৰ মুনাফা আৰু পৰিবাৰৰ প্ৰগতিৰ কাৰণে কাম কৰিছে: গৌৰৱ গগৈটিকট বঞ্চিত নন্দিতা গাৰ্লোচাৰ ক্ষোভ প্ৰশমিত কৰিবলৈ ডিমা হাচাওত মুখ্যমন্ত্ৰী
Comments