Skip to playerSkip to main content
  • 9 minutes ago
পুৰী (ওৰিশা) : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন ৷ বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পটনায়কে পুৰী সাগৰৰ পাৰত সুন্দৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে । ২৫ ফুটৰ বিশাল শিল্পকৰ্মৰ জৰিয়তে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । শিল্পীগৰাকীয়ে বালিত লিখিছে, ‘‘আশীৰ্বাদৰ বন্তি, ২৫ বছৰীয়া সেৱা, জন্মদিনৰ শুভেচ্ছা, মোদী জী ।’’ ভাস্কৰ্যটোৰ দৃশ্যগত আকৰ্ষণ বৃদ্ধিৰ বাবে পোহৰ, আশীৰ্বাদ আৰু শুভেচ্ছাৰ প্ৰতীক হিচাপে ২৫০০ মাটিৰ চাকি ব্যৱহাৰ কৰা হৈছে । এই শিল্পকৰ্মত ত্ৰিৰংগা পতাকাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সুন্দৰ চিত্ৰও অংকন কৰা হৈছে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ভাৰতীয় জনতা পাৰ্টীয়ে 'আশীৰ্বাদ বন্তি'ৰ লগতে একাধিক কাৰ্যসূচী পালন কৰিছে ।লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন : ৰাজনৈতিক বাদানুবাদ পাহৰি বিৰোধী নেতৃত্বৰ শুভেচ্ছা

Category

🗞
News
Comments

Recommended