Skip to playerSkip to main content
  • 6 minutes ago
সোণাপুৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । এইবাৰ মহানগৰীৰ সোণাপুৰৰ ডিগাৰুত আৰক্ষীয়ে চলালে এক অভিযান । এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক ক’ডিন ছিৰাপ জব্দ কৰাৰ লগতে এই কাণ্ডৰ সৈতে জড়িত ৬ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।প্ৰাপ্ত তথ্য মতে, অভিযুক্ত সৰবৰাহকাৰীকেইটাই ৰে’লযোগে আহি ডিগাৰু ৰে’লৱে ষ্টেচনত নামিছিল । তাৰ পাছত সৰবৰাহকাৰীকেইটাই ডিগাৰুৰ পৰা সোণাপুৰ অভিমুখে যাবলৈ লওঁতেই স্থানীয় ৰাইজে এই বিষয়ে সোণাপুৰ আৰক্ষীক খবৰ দিয়ে । ৰাইজৰ খবৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ সন্দেহযুক্ত লোক কেইজনক কৰায়ত্ত কৰে ।আৰক্ষী বিষয়া মনোজ বৰুৱাই উল্লেখ কৰা মতে, ‘‘তালাচীৰ সময়ত এটা ক’লা ৰঙৰ বেগৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত মুঠ ১৯৮ টা সন্দেহজনক ক'ডিন ছিৰাপৰ বটল জব্দ কৰা হয় ।লগতে ৬ সৰবৰাহকাৰীক আটক কৰা হয় ৷ আটকাধীন আটাইকেইজনৰে ঘৰ নগাঁও জিলাৰ ৰহাৰ দিঘলীআটি গাঁৱত বুলি চিনাক্ত কৰা হৈছে । ধৃত কেইজন ক্ৰমে ছাদ্দাম হুছেইন (৩১), দিলদাৰ আলী (২৯), আইজুল হুছেইন (২৮), আনোৱাৰ হুছেইন (৩৮), মঈনুল ইছলাম (৩৫), ৱাহিদুল আলী (১৮) ৷’’তেওঁ আৰু কয়, ‘‘এই বৃহৎ নেটৰ্ৱকটোৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সোণাপুৰ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।’’লগতে পঢ়ক : ড্ৰাগছ সেৱনকাৰীক কবৰস্থ কৰিব নিদিয়ে নগাঁৱৰ এখন মছজিদ কমিটীয়ে

Category

🗞
News
Transcript
00:00.
00:01.
00:01.
00:01.
00:30Anwar Hussain, Mohenul Islam and Wahediwali.
00:34And when we went to the Goethek, they were in the room.
00:40What did it mean?
00:42They were in the room.
00:45They were in the room.
00:47So, they were in the room and they were in the room.
00:50So, they were in the room.
00:52It's been a long time for the interview, so I'm going to talk to you about the interview and I'm
00:59going to talk to you about the interview, so I'm going to talk to you about the interview.
Comments

Recommended