Skip to playerSkip to main content
  • 2 hours ago
শিলচৰ: বৰাক উপত্যকাৰ দ্বিতীয় আৰু অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা হিচাপে নব্বৈ বছৰ সম্পূৰ্ণ কৰিলে শিলচৰ স্প’ৰ্টিং ক্লাবে । বৰাক উপত্যকা তথা অসমৰ সবাতোকৈ পুৰণি ক্লাব হৈছে শিলচৰৰ ইণ্ডিয়া ক্লাব । ১৯০০ চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু গুয়াহাটি টাউন ক্লাব হৈছে অসমৰ দ্বিতীয়টো বৃহত্তম ক্লাব । ১৯০৬ চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছে । তাৰ পিছতে ১৯৩৬ চনত প্ৰতিষ্ঠা হৈছিল শিলচৰ স্প’ৰ্টিং ক্লাব । শিলচৰৰ কেইগৰাকীমান ক্ৰীড়াপ্ৰেমীয়ে প্ৰতিষ্ঠা কৰা ক্ৰীড়া সংগঠনটোৱে দেওবাৰে সম্পূৰ্ণ কৰে নব্বৈ বছৰ । এই উপলক্ষে ১৪ জুনৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব সন্থাৰ "গ্ৰেণাইট জুবিলী" অনুষ্ঠান । এই উপলক্ষে অহা এবছৰ বিভিন্ন ধৰণৰ ক্ৰীড়া যেনে ফুটবল, ক্ৰিকেট, দবা, কেৰম আদি প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব ।  দেওবাৰে বন্তি প্ৰজ্বলন কৰি বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰে শিলচৰ ৰামকৃষ্ণ মিছনৰ স্বামী বৈকুণ্ঠানন্দজী মহাৰাজে । অনুষ্ঠানত উপস্থিত থাকে শিলচৰ স্প’ৰ্টিং ক্লাবৰ সভাপতি ড৹ অনুপ ৰায়, সাধাৰণ সম্পাদক সিদ্ধাৰ্থ খান, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ, বিধায়ক ৰাজদ্বীপ গোৱালা, প্ৰাক্তন ফুটবলাৰ সত্যজিৎ দাস, অসমৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক বাবুল হোড় আদি ।  সন্থাৰ প্ৰস্তাৱিত ইনড’ৰ ক্ৰিকেট একাডেমীৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই । উদ্বোধনী অনুষ্ঠান উপলক্ষে কাছাৰ জিলাৰ চাৰিটা মহিলা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত লিটিল গাৰ্লছ আৰকাটিপুৰ দল বিজয়ী হয় আৰু কালাইন স্প’ৰ্টছ মহিলা দল ৰানাৰ্ছআপ হয় । লগতে পঢ়ক: যুৱ প্ৰতিভাৰ উন্মেষৰ বাবে মৰিগাঁৱত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা

Category

🗞
News
Transcript
00:01This is the most important part of the country in this country.
00:13This country is a part of the country in this country.
00:21What we know is that a new generation is in the first generation of people in the United States.
00:30We know that the first generation of people in the United States.
00:34We know that it is a new generation.
Comments

Recommended