Skip to playerSkip to main content
  • 16 minutes ago
মাজুলী : ৰাজ্যৰ অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে নদীপথৰ যাতায়তৰ ওপৰত ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী অফলামুখ ঘাটত বন্ধ কৰি দিয়া হৈছে ফেৰীৰ অনলাইন টিকট সেৱা । কেৱল সেয়াই নহয়, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী চলাচলৰ সময়সূচীত কিছু সালসলনি কৰা হৈছে ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নদীৰ ঘাটৰ আন্তঃগাঁথনিটো ব্যাপক সালসলনি কৰিবলগীয়া হৈছে । পানী বাঢ়ি অহাৰ ফলত ৰ'পেক্স (Ro-Pax)ৰ ৰেম্পটো সুৰক্ষিত স্থান অৰ্থাৎ পুৰণি ঘাটলৈ সলনি কৰা হৈছে । এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এগৰাকী লোকে ৷উল্লেখ্য যে, পূৰ্বৰ তুলনাত ফেৰী যাতায়তৰ সময় লেহেমীয়া হৈছে ৷ কাৰণ বৰ্তমান কেৱল মাত্ৰ এটা ৰেম্পৰ যোগেদিহে ফেৰীসমূহৰ উঠা-নমাৰ কাম চলি আছে । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা জনোৱা মতে, ‘‘মঙলবাৰে ৰাতি ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ ফেৰী চলাচল কৰা ৰেম্পসমূহ বুৰাই পেলায় । যাৰ ফলত অনলাইন টিকট বন্ধ কৰি ৰখা হৈছে ৷’’লগতে পঢ়ক : নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহুটিলগতে পঢ়ক : অস্তিত্বৰ সংকটত বৰদুৱাৰ বাগানৰ ২৫ খন গাঁৱৰ ৰাইজ

Category

🗞
News
Comments

Recommended