নলবাৰী: দুদুনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাশ্ব' শ্বেৰিং টাবগে । উল্লেখ্য যে, সোমবাৰে অসমত উপস্থিত হৈ গুৱাহাটীলৈ যাত্ৰা কৰাৰ সময়তে নলবাৰীৰ কনভেনশ্ব'ন চেণ্টাৰত প্ৰৱেশ কৰে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী । ইফালে নলবাৰী কনভেনশ্ব'ন চেণ্টাৰত ভূটানৰ প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে । কিছু সময় নলবাৰী কনভেনশ্ব'ন চেণ্টাৰত বিশ্ৰাম কৰি পুনৰ গুৱাহাটী অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী টাবগে ।উল্লেখ্য যে, ভূটাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ লগতে ভাৰত তথা অসম-ভূটাৰ সীমাৰ সুৰক্ষা ব্যৱস্থা, জলবিদ্যুৎ প্ৰকল্প, কোকৰাঝাৰ-গেলেপু কৰিড'ৰ সম্পৰ্কে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে এই সন্দৰ্ভত সংবাদ মাধ্যমত একো মন্তব্য প্ৰকাশ কৰা নাই ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷লগতে পঢ়ক:উমৈহতীয়া দেৱানী বিধি: থোৰতে জানি লওক কি আছে এই বিধেয়কত
Comments