Skip to playerSkip to main content
  • 2 weeks ago
কলিয়াবৰ: নগাঁও জিলাৰ শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত জীৱিত এটি শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্টৰ এই কাণ্ডত ক্ষুব্ধ হোৱা জনতাই নিশাই জবাবদিহি কৰে বাগিচা কৰ্তৃপক্ষক ।শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট নুৰ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে । তিনিদিন পূৰ্বে জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত জন্ম হৈছিল এটি কন্যা শিশুৰ । দেওবাৰে শিশুটি হঠাৎ অসুস্থ হোৱাত ভৰ্তি কৰিছিল বাগিচাৰ চিকিৎসালয়খনত । তাতে শিশুটিক মৃত বুলি ঘোষণা কৰে ফাৰ্মাচিষ্টজনে । পিছত শিশুটিক শ্মশানলৈ নিয়াৰ সময়তে শিশুটি জীয়াই থকাৰ উমান পায় মাতৃয়ে । লগে লগে শিশুটিক পুনৰ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । অৱশ্যে তেজপুৰত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ।  ইয়াৰ পিছতে বাগিচা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট নুৰ আলীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ । শিশুটিক জীৱিত অৱস্থাতে মৃত বুলি ঘোষণা কৰাৰ অভিযোগ তুলি নুৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে বাগিচাৰ লোকসকলে । ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । শিশুটি কলিয়াবৰ চাহ বাগিচাৰ অজয় ৰাজভৰৰ তিনিদিনীয়া সন্তান আছিল ।লগতে পঢ়ক :পশ্চিমবংগত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যুচুৰিৰ অভিযোগত কেৰালাত প্ৰহাৰ কৰি অসমীয়াক হত্যা

Category

🗞
News
Transcript
00:00Oh
Comments

Recommended