Skip to playerSkip to main content
  • 2 minutes ago
বঢ়মপুৰ/যোৰহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱৰ ফলত গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে । বুধবাৰে নিশা নগাঁও জিলা বন সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ কামপুৰ আৰু কঠীয়াতলীত বন্যহস্তীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । নামবৰ লালুং গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে । কেইবাটাও পৰিয়ালৰ ঘৰৰ চৌহদৰ পকী দেৱাল, গেট আদিৰো বিস্তৰ ক্ষতি কৰে । এই সন্দৰ্ভত স্থানীয় লোক নিৰঞ্জন বৰদলৈয়ে কয়, "নিশা দুটা হাতী আমাৰ গাঁৱত প্ৰৱেশ কৰি চাহা বৰদলৈৰ ঘৰত ধান খোৱাৰ লগতে অনিষ্ট কৰে । কৃশাণু বৰদলৈৰ ঘৰত সোমাই বেৰ ভাঙে, সূৰ্য বৰদলৈৰ ঘৰৰ পকী দেৱাল আৰু গেটৰ বিস্তৰ ক্ষতি কৰে । হাতীয়ে মোৰো ঘৰৰ দেৱাল ভাঙি থৈ যায় ।" সেয়েহে ৰাইজে এই ক্ষেত্ৰত বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভুক্তভোগী লোকক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ।একেদৰে নিশা যোৰহাটৰ তিতাবৰ অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলায় । গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধান ওলাই অহা হাতীৰ জাক তিতাবৰৰ বিজয় নগৰসহ কেইবাটাও অঞ্চলত প্ৰৱেশ কৰে । ফলত উক্ত অঞ্চলবোৰৰ ৰাইজ আতংকিত হৈ পৰে । দিনৰ ভাগত চৈকটা আৰু খৰিকটীয়া চাহ বাগিচাত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে নিশা হ'লেই গাঁৱত সোমাই উপদ্ৰৱ চলায় । যাৰ বাবে গাঁৱৰ ৰাইজে নিশা উজাগৰে থাকি পহৰা দিবলগীয়া হৈছে । কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে ধানৰ ভঁৰাল খ্যাত তিতাবৰৰ বৃহৎ ৰঙাজান অঞ্চলৰ ১৭ ৰ পৰা ১৮ খন গাঁৱৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে খেতি কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে ।লগতে পঢ়ক :ক'ৰ পৰা আহিল লাজুকী বান্দৰ ? সকলো আচৰিত

Category

🗞
News
Transcript
00:00I
00:35This is the first time we have done a lot of work in our country.
00:44We have a lot of work in our country.
00:48We have a lot of work in our country.
00:52.
00:53.
00:54ان શરલીંદ આદલીં ભોંદ સંસરાલીરલીંદ સેણજામે સારલી કྱળાબલીંદ કા�રંદ કા�ાબલીંદ કા�લ સારલી�
01:25We have to give up the people who are on the way.
01:28We have to give up the people who have the people who are on the way.
Comments

Recommended