Skip to playerSkip to main content
  • 7 minutes ago
ধুবুৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । এতিয়ালৈ ৰাজ্যত বানৰ কবলত পৰি ৪৫ ৰো অধিক লোকৰ মৃত্যু হৈছে । তাৰ মাজতে ধুবুৰীত শোকাৱহ ঘটনা সংঘটিত হৈছে । নৈত পৰি এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিল । নিহত কিশোৰীগৰাকী অক্ষৰা গোৱালা বুলি চিনাক্ত হৈছে । ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী অক্ষৰা গোৱালা । জানিব পৰা মতে পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষতে থকা গদাধৰ নৈত পৰি কৰুণ মৃত্যুক সাবটি লয় । ধুবুৰীৰ ১ নং ৱাৰ্ডৰ মেলা ঘাট এলেকাৰ বাসিন্দা ৰামচন্দ্ৰ গোৱালাৰ কন্যা অক্ষৰা গোৱালাৰ মৃতদেহ ইতিমধ্যে এছডিআৰএফে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিছে । কিশোৰীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "অক্ষৰা গোৱালাই ঘৰৰ ওচৰৰে পানীত গা ধুবলৈ আহিছিল । ভৰি পিছলি পানীত পৰি গৈছে । এতিয়া মৃতদেহটো উদ্ধাৰ কৰিছে ।"লগতে পঢ়ক :পথাৰৰ পৰা ঘৰলৈ আহোতেই বজ্ৰপাতত অকাল মৃত্যু যুৱকৰ, আহত মাতৃ 

Category

🗞
News
Transcript
00:00.
00:00.
00:00.
00:00.
00:00.
00:00.
00:03.
00:07.
00:08.
00:08.
00:08.
00:08.
00:08.
00:08.
00:08.
00:10.
00:15.
00:15Thank you very much
Comments

Recommended