Skip to playerSkip to main content
  • 2 hours ago
নলবাৰী : পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শনে ৰজনজনালে নলবাৰী । ৫৬ সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনীৰ উদ্যোগত মঙলবাৰে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত একেলগে নাচিলে পাঁচ হাজাৰ বিহুৱতী আৰু বিহুৱাই ।  এই বিহুনৃত্য় উদ্বোধন কৰে নলবাৰী মহকুমা ৰঙালী বিহুৰ তত্বাৱধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । গৰ্ডন খেলপথাৰত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এনেদৰে বিহু নৃত্যই দ্বিতীয়বাৰলৈ মুহিলে নলবাৰীবাসীক । প্ৰথমবাৰ তিনি হাজাৰ ঢুলীয়া-নাচনীৰে বিহু নৃত্য প্ৰদৰ্শনৰ পিছত এয়া দ্বিতীয়বাৰৰ বাবে পাঁচ সহস্ৰাধিকে নৃত্য প্ৰদৰ্শন কৰিলে ।  আগন্তুক সময়ত ১০ সহস্ৰাধিক ঢুলীয়া-নাচনীৰে বিহু নৃত্য প্ৰদৰ্শন কৰিব বুলি মন্তব্য় কৰিলে বিহু সমিতিৰ তত্ত্বাৱধায়ক জয়ন্ত মল্লবৰুৱাই । অহাবাৰলৈ সকলোকে ঢোল, পেঁপা বাদনৰ লগতে বিহুনাচৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব ।  ইপিনে, অহা ৪ মে'ৰ নিৰ্বাচনী ফলাফলক লৈ আশাবাদী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । তেওঁ ৰাইজৰ মৰম আৰু আশীৰ্বাদত তৃতীয়বাৰলৈ নলবাৰীৰ বিধায়ক হ'ব বুলি আশা প্ৰকাশ কৰি তেওঁ কয়, "বিৰোধীয়ে চৰকাৰ গঠন কৰিম বুলি ক'ব পাৰে । কোৱাটো কাৰো ভুল নহয় । নিৰ্দলীয় অথবা ১০ টা, ৫০ টা ভোট পোৱা প্ৰাৰ্থীজনেও জয়ী হম বুলি কয় । বিজেপিয়ে এইবাৰ নিৰ্বাচনত ৯০ খনতকৈ অধিক আসন লাভ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব ।"লগতে পঢ়ক:ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে লখিমপুৰ: ৬৮ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু আৰম্ভমঞ্চত দীক্ষু, বোকাত অনুৰাগীৰ কান্দোন; জুবিন বিহীন বিহুৰ মৰ্মান্তিক দৃশ্য!

Category

🗞
News
Transcript
00:00I
Comments

Recommended