লখিমপুৰ : লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । জিলা আয়ুক্তৰ কাৰ্যালয়ত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনাটো । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দ্বিতীয় মহলাত থকা ৰিলিফ শাখাত এই ঘটনাৰ সূত্রপাত হয় । এই অগ্নিকাণ্ডত শাখাটোৰ কিছু ফাইল ভষ্মীভূত হয় ৷ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । পিচত ঘটনাস্থলীত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপিত হয় ৷ এটা কম্পিউটাৰত হোৱা বৈদ্যুতিক শ্ব’ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । ইফালে, অগ্নিনিৰ্বাপন কৰিবলৈ যোৱা বাহিনীটোৰ বিশ্বজিৎ নামৰ এজন জোৱান কিছু পৰিমানে আহত হোৱাত তেওঁক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ লগতে পঢ়ক:নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, ১৫খন অগ্নিনিৰ্বাপক বাহনেৰে নিৰ্বাপন জুইভয়ংকৰ অগ্নিকাণ্ডত যোৰহাটত ব্য়ৱসায়িক প্ৰতিষ্ঠানসহ গুডাম ভস্মীভূত
Transcript
00:00I
00:00I
00:01I
00:01I
00:15I
00:16I
00:16I
00:16I
00:18I
00:18I
00:25I
00:26I
00:26I
00:26I
00:34I
00:35I
00:35I
00:35I
00:37I
00:41I
00:47I
00:49I
00:49I
00:50I
00:50I
00:53I
00:55I
00:59I
01:00I
01:07I
01:08I
01:10I
01:10I
01:10I
01:12I
01:13I