জোনাই: বুধবাৰে তৰাজান নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ ৷ নিহত ছাত্ৰীগৰাকী সবিতা মিলি (১২) বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বুধবাৰে দুপৰীয়া ছাত্ৰীগৰাকী মাকৰ সৈতে পথাৰত ভূঁই ৰুবলৈ গৈছিল । ভূঁই ৰুই থকাৰ মাজতে ছাত্ৰীগৰাকীয়ে হঠাৎ ওচৰৰ তৰাজান নৈত গা ধুবলৈ যায় ।দীৰ্ঘসময় ধৰি সবিতা উভতি নহাত মাকৰ লগতে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰে ৷ দীৰ্ঘ সময়ৰ পাছত নৈত উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত ছাত্ৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ বাসিন্দা তথা সপ্তম শ্ৰেণীত পঢ়ি আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷লগতে পঢ়ক: হাৰমনিয়াম লৈ এজাক কণ-কণ শিক্ষাৰ্থীৰ মাজত তৰালী শৰ্মা
Comments