Skip to playerSkip to main content
  • 4 minutes ago
গুৱাহাটী: দিছপুৰ আৰক্ষীৰ জালত তিনি জাল নোট সৰবৰাহকাৰী । গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দিছপুৰ আৰক্ষীয়ে জব্দ কৰে জাল নোটখিনি । সৰবৰাহকাৰী কেইটাৰ পৰা কেইবা লাখ টকাৰ জাল নোট উদ্ধাৰ । ইয়াৰ সমান্তৰালকৈ এখন বাহনো জব্দ কৰে আৰক্ষীয়ে । উত্তৰ প্ৰদেশৰ পৰা আহিছিল সৰবৰাহকাৰী দলটো ৷ হোটেল হিমালয়াৰ কাষৰ গলিৰ পৰা জব্দ টকাখিনি, UP35 BV 8240 নম্বৰৰ বাহনখনো জব্দ কৰে আৰক্ষীয়ে । বাহনখনৰ পৰা ১০ লাখ ৯০ হাজাৰ টকাৰ জাল নোট উদ্ধাৰ কৰাৰ লগতে এটা গেছ চিলিণ্ডাৰ, গেছ কাটাৰ, এখন দা, এটা গোল্ড ফ্লেম লাইটাৰ আৰু কাটিং প্লাছ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ গোপন তথ্যৰ ভিত্তিত পঞ্জাবাৰী পথত আৰক্ষীয়ে চলাইছিল অভিযান । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল অনুজ গুপ্তা, মহেশ শুক্লা আৰু ৰোশন গুপ্তা ৷ তিনিওজন উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা ৷লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ পিষ্টল

Category

🗞
News
Comments

Recommended