ডিব্ৰুগড় : দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুটা পিষ্টল আৰু এটা মেগজিন উদ্ধাৰ হৈছে । ৰে'লৱে ট্ৰেকৰ কাষত কোনো অজ্ঞাত লোকে অস্ত্ৰ দুটা পেলাই থৈ যোৱা বুলি ৰে’লৱে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৰে'লৱে আৰক্ষী আৰু অসম আৰক্ষীৰ দল উপস্থিত হৈ অস্ত্ৰকেইটা জব্দ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । পিষ্টলকেইটা ক'ৰ পৰা আহিল আৰু কোনে পেলাই থৈ গ'ল সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনা পোহৰলৈ অহা পাছতে এতিয়া ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ।সমগ্ৰ ঘটনাক লৈ স্থানীয় এজন ব্যক্তিয়ে কয়, "ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনৰ সমীপত দুটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা বিষয়টো উদ্বেগজনক বিষয় । ৰে'ল আৰক্ষীৰ নিয়মিত তালাচীৰ সময়ত পৰি থকা এটা বেগ খুলি চাওঁতে এই পিষ্টল দুটা উদ্ধাৰ হয় । মেইড ইন ইটালী লিখা আছে পিষ্টল দুটাত আৰু এটা মেগাজিন উদ্ধাৰ হৈছে । এই ঘটনাক সঠিক তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছো । কিয়নো আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ক'ৰ পৰা কোনে কি উদ্দেশ্যেৰে পিষ্টল দুটা পেলাই গৈছে ৷"লগতে পঢ়ক : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ, গছ কটা যুৱকক বিহিলে শাস্তি
Transcript
00:08foreign
00:20foreign
00:51Okay, thank you.
Comments