Skip to playerSkip to main content
  • 2 days ago
হাফলং : হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জাতিংগা দলঙৰ ওচৰত ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত টেংকাৰখনৰ দুটা চেম্বাৰৰ পৰা ফৰ্মেলিন ওলাই জাতিংগা নদীত মিহলি হৈছে । সেয়েহে কেইদিনমানৰ বাবে নদীৰ পানী ব্যৱহাৰ নকৰিবলৈ জিলা আয়ুক্ত গায়ত্ৰী দেৱদাস হাইলিঙে আহ্বান জনাইছে।ডিমা হাছাওৰ জিলা আয়ুক্তগৰাকীয়ে সকলো গাঁও আৰু নৈপৰীয়া লোকক জাতিংগাৰ পানী ব্য়হাৰ নকৰিবলৈ সতৰ্ক কৰি দিয়ে । শুকুৰবাৰে সংবাদমাধ্যমৰ আগতে  জিলা আয়ুক্তই কয়," জাতিংগা নদীৰ ওচৰত থকা সকলো বাসিন্দা আৰু গাঁওসমূহৰ ৰাইজে নদীৰ পানী ব্যৱহাৰ কৰোতে সতৰ্ক থাকিব লাগে; কিন্তু আতংকিত হ'ব নালাগে । "  জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে হাফলং-শিলচৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰ আবেলি প্ৰায় ৪ বজাত জাতিংগা দলঙৰ ওচৰত এনএল০১এই ৩৮৮৬ নম্বৰৰ এখন ফৰ্মেলিনভৰ্তি টেংকাৰ নামৰূপৰ পৰা ত্ৰিপুৰালৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় ৷এই দুৰ্ঘটনাত টেংকাৰখনৰ কৰ্মচাৰী চাইফুল হক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক হাফলং অসামৰিক চিকিৎসালয়লৈ অনাৰ পিচতে তেওঁৰ মৃত্যু ঘটে ।ফৰ্মেলিন মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হোৱা বাবে ডিমা হাছাও জিলা প্ৰশাসনে জাতিংগা দলঙৰ পৰা হাৰাংগাজাওলৈকে নদীৰ পাৰৰ সকলো বাসিন্দাক আগন্তুক কিছুদিনৰ বাবে নদীৰ পানী খোৱা, ৰন্ধা-বঢ়া, ঘৰুৱা কামত ব্যৱহাৰ অথবা গৰু-ছাগলী আৰু অন্যান্য জীৱ-জন্তুক নুখুউৱাবলৈ অনুৰোধ জনাইছে ।জাতিংগা দলঙৰ ওচৰত ফৰ্মেলিন ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, দুদিনলৈ নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান

Category

🗞
News
Transcript
00:002nd July, 4 p.m. around, in Dimahasa, there was an accident of a formalin-carry truck with a leak
00:07from a formalin-carry accident.
00:10Immediately after that, we had an advisory issue in the public, that there was no need to panic.
00:17Basically, the formalin-carry was released in a very low quantity, which was in a nearby stream.
00:22The stream was in Rettinga River.
00:23So, the public has appealed that you don't have a direct consumption of water for a few days.
00:33So that, there is no living in any way.
00:37We are doing a proper test with pollution control boards and PCHs.
00:40We are doing a proper test with pollution control boards and PCHs.
00:42We are doing something quickly.
00:43But, fishing, picnic, all these stretches.
00:47Or, drinking the water from unfiltered.
01:12It is safe as long as
01:14a safe distance maintain.
01:16in theory hispanic sense
Comments

Recommended