Skip to playerSkip to main content
  • 2 weeks ago
শিৱসাগৰ: শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃৰ মঙলবাৰে দুপৰীয়া মৃত্যু হয় । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিবলৈ লওঁতেই তেওঁৰ চৰকাৰী আৱাসত চিকিৎসা গ্ৰহণ কৰি থকা মাতৃৰ মৃত্যু হয় ।উল্লেখ্য যে তেওঁৰ মাতৃ বিজয়া চেতিয়াই ইতিমধ্যে তেওঁৰ চকুযুৰি দান কৰি থৈছিল । সেয়ে মৃত্যুৰ পিছত যোৰহাটৰ পৰা জেউতি আই বেংক কৰ্তৃপক্ষৰ পৰা লোক আহি প্ৰয়াত বিজয়া চেতিয়াৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে ।এই সন্দৰ্ভত জেউতি আই বেংকৰ বিষয়ববীয়াই কয়, "মই যোৰহাট জেউতি আই বেংকৰ পৰা আহিছোঁ । মোক শিৱসাগৰৰ খেমকাজীয়ে ফোন কৰিলে যে শিৱসাগৰত আই ড'নেশ্বন আছে বুলি । শিৱসাগৰত আই ড'নেশ্বন এনেকুৱা বহুখিনি হৈ আছে আৰু হৈ থাকিব বুলি আশা কৰিছোঁ । কাৰণ খেমকাজী সদায় আমাৰ লগত জড়িত থাকে । কোনোবা এজন লোক ঢুকালে ঘৰৰ কোনোবা এজনে আমাক খবৰ দিলেই হ'ল । ঢুকোৱাৰ ছঘণ্টালৈকে চকু ভালে থাকে । ছঘণ্টাৰ ভিতৰত আহি আমি সংগ্ৰহ কৰোঁ ।"উল্লেখ্য যে ৭১ বছৰ বয়সত মৃত্যু হোৱা মহিলাগৰeকীৰ অন্ত্যেষ্টিক্ৰিয়া বুধবাৰে শিৱসাগৰ নগৰৰ থানামুখ শান্তিধাম শ্মশানত সম্পন্ন কৰা হ'ব ।লগতে পঢ়ক :অসম সন্তানৰ সাফল্য: ব্ৰিটেইনৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ জগন্নাথ বিশ্বকৰ্মাই গৱেষণাৰে বিশ্বক দিছে নতুন সমল 

Category

🗞
News
Transcript
00:00My name is JOT Bank of India, ...
00:02I'm borderline with the fact that ...
00:06... I mentioned in India, ...
00:10... There are many people from India, ...
00:13... that there are several people from India ...
00:17... But there are many people from India to ...
00:18... and to the fact that ...
00:20... there's a lot of people from India at a time.
00:26...
00:26... that was now the same thing.
Comments

Recommended