নগাঁও : ‘‘2025 চনত মৃত্যু হ’ল জুবিন গাৰ্গৰ ৷ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ বাবেই আমাৰ বহু শিক্ষাৰ্থীয়ে ফেইল কৰিলে ৷’’ এই স্বীকাৰোক্তি এগৰাকী প্ৰধান শিক্ষয়ত্ৰীৰ ৷আচলতে, এইবাৰ নগাঁৱৰ বৰভেটি হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল একেবাৰে শোচনীয় ৷ মুঠ 33 গৰাকীৰ ভিতৰত মাত্ৰ 5 গৰাকী শিক্ষাৰ্থীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল ৷ বিদ্যালয়খনৰ এই অৱস্থা দেখি জিলা আয়ুক্তগৰাকীয়ে শিক্ষয়িত্ৰীগৰাকীক তলব কৰে ৷ জিলা আয়ুক্তই তলব কৰাৰ পাছতেই জুবিন গাৰ্গৰ বাবে ছাত্ৰ-ছাত্ৰী আৱেগিক হৈ পৰাৰ ফলতে বিদ্যালয়খনৰ এনে অৱস্থা হ’ল বুলি মন্তব্য কৰে শিক্ষয়িত্ৰী ৰিকী খটনিয়াৰে ৷লগতে তেওঁ কয়, ‘‘যোৱাবাৰ বিদ্যালয়খনৰ ফলাফল অতি ভাল আছিল ৷ সকলো পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল ৷ কিন্তু এইবাৰ মাত্ৰ 5 গৰাকীহে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল ৷ জুবিন গাৰ্গৰ মৃত্যুও এটা কাৰণ যদিও এইবৰ্ষৰ শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ ক্ষেত্ৰত একেবাৰে বেয়া আছিল ৷ আমি বহু যত্ন কৰিছিলো যদিও ফলাফল ভাল নহ’ল ৷ এইবাৰ উত্তীৰ্ণ হোৱা 5 গৰাকীৰ ভিতৰত মাত্ৰ এজনে ছেকেণ্ড ডিভিজন (দ্বিতীয় বিভাগত উত্তীৰ্ণ) আৰু বাকী 4 জনেই তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷’’লগতে পঢ়ক : ৰেকৰ্ড গঢ়িলে ডিমা হাছাও জিলাৰ শিক্ষাৰ্থীয়ে, ৮৮.২৩ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণলগতে পঢ়ক : শাৰীৰিক বাধা নেওচি সফলতা শীৰ্ষত নগাঁৱৰ জনৰূপ শইকীয়া
Comments