Skip to playerSkip to main content
  • 1 day ago
মাজুলী : শুকুৰবাৰে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী ভূৱন গামে । দ্বিতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰাৰ পিছত মনোনয়ন দাখিল কৰে গামে । গড়মূৰ মিনি ষ্টেডিয়ামত সভা অনুষ্ঠিত কৰাৰ পিছত শোভাযাত্ৰা উলিয়াই গামে সংহত আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷সংবাদ মাধ্যমৰ আগত গামে কয়, ‘‘পোনপ্ৰথমে মই মাজুলীৰ ৰাইজক শুভেচ্ছা জনাইছো । মোক মাজুলীৰ ৰাইজে যথেষ্ট আশীৰ্বাদ দিব বুলি মোৰ বিশ্বাস । যোৱা পাঁচটা বছৰত মই কৰা কাম আৰু আমাৰ চৰকাৰৰ কাম-কাজত সন্তুষ্ট হৈ ৰাইজে মৰম দিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আৰু অধিক শক্তিশালী কৰিবৰ বাবে আমাক বিপুল সংখ্যক ভোটত জয়ী কৰাব ৷’’লগতে পঢ়ক: মিঞাৰ দল কংগ্ৰেছত কোনো ভাল মানুহ নাথাকে, মাজুলীত বিজেপি জিকাটো নিশ্চিত : ভূৱন গাম ‘‘দলে প্ৰাৰ্থিত্ব দিয়া নাই যদিও মোৰ কোনো ক্ষোভ নাই’’ : টিকট বঞ্চিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰথম প্ৰতিক্ৰিয়া

Category

🗞
News
Comments

Recommended