Skip to playerSkip to main content
  • 1 week ago
নলবাৰী: নলবাৰীত এখন যাত্ৰীভৰ্তি চলন্ত গ্ৰীণ বাছত হঠাৎ অগ্নি সংযোগ হয় । বাছত অগ্নি সংযোগ হোৱাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় । গুৱাহাটীৰ পৰা নলবাৰী হৈ চামতা অভিমুখে গৈ থকা গ্ৰীণ বাছখনত শনিবাৰে হঠাৎ জুই জ্বলি উঠে । ততাতৈয়াকৈ চালক তথা বাছখনৰ কৰ্মচাৰীয়ে যাত্ৰী সকলক নমাই বাছখন চহৰৰ মাজমজিয়াৰ পৰা আঁতৰাই নিয়াৰ ব্যৱস্থা কৰে  । যাৰ ফলত বাছখনত উঠি অহা বহু যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।  বাছখনৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ামতে চলন্ত অৱস্থাতেই নলবাৰী চহৰৰ হাজো পথৰ বীৰেন গেৰেজৰ সন্মুখত সংঘটিত হয় এই ঘটনা । প্ৰায় ১৫ৰ পৰা ২০ গৰাকী যাত্ৰী আছিল বাছখনত । বাছখনৰ চালকে কয়,"আমি যাত্ৰীসকলক সুকলমে বাছখনৰ পৰা সুকলমে নমাই দিওঁ । চহৰৰ মাজমজিয়াত যাতে কোনো ডাঙৰকৈ একো নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি বাছখন তাৎক্ষণিক ভাবে ASTC কাৰ্যালয়লৈ নিবলৈ চেষ্টা কৰোঁ । তাত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিয়ন্ত্ৰণ কৰে ।"লগতে পঢ়ক: টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ড - FIRE IN TIHUহাফলঙত শিশুৰ মৃতদেহ উদ্ধাৰ - CHILD BODY RECOVERED

Category

🗞
News
Transcript
00:00Thank you for listening.
Comments

Recommended