Skip to playerSkip to main content
  • 2 days ago
টীয়ক : চিপিআই (এমএল)ৰ অসম ৰাজ্যিক সম্পাদক বিবেক দাস সোমবাৰে টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় । বানাক্ৰান্ত ৰাইজৰ মাজত তেওঁ সাহায্যও বিতৰণ কৰে ।সেই সময়ত তেওঁ অসমৰ বান পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি কয়, "সমগ্ৰ অসমৰ ৰাইজে বৰ্তমান বানাক্ৰান্তক যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্তোষজনক নহয় । আমি ভাবো এই দুৰ্যোগ কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয় । এয়া এক মানৱসৃষ্ট দুৰ্যোগ । বহিঃৰাজ্যত অবৈধ কয়লাখনন, বন ধ্বংসৰ বাবে এই দুৰ্যোগ সংঘটিত হৈছে । অসমত ব্যৱসায় কৰা টাটা, আদানি, আম্বানী, ৰামদেৱ, অ'এনজিচিৰ দৰে বহুজাতিক কোম্পানীসমূহৰ চিএছআৰ ফান্দ কিয় এই পৰ্যন্ত অসমৰ বানৰ বাবে ঘোষণা কৰা নাই । এইটো এক ডাঙৰ প্ৰশ্ন । চৰকাৰেও এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল'ব লাগে । মই ভাবো গোটেই বিষয়টোৰ বাবে চৰকাৰৰ অদূৰদৰ্শী সিদ্ধান্ত, পুঁজিপতিসকলৰ লাভৰ প্ৰতি মনোভাৱ ৰাখি যি কাম কৰিছে এই পলিচিবিলাক দায়ী হৈছে ।" তেওঁ লগতে কয়, "মোৰ মতে অসমৰ সাংসদ, বিধায়কসকলেও এক-দুই মাহৰ দৰমহা দি ৰাইজক সহায় কৰক ।"লগতে পঢ়ক :চৰকাৰলৈ বাট নাচাই বানাক্ৰান্তৰ কাষত ৰাইজ: জুবিন-ভূপেনদাৰ দেশত পুনৰ প্ৰাণ পালে মানৱতাই

Category

🗞
News
Transcript
00:00They love me, they love me, they love me, they love you...
00:05You love me, hello?
00:10I love you.
00:17I love you.

Recommended