Skip to playerSkip to main content
  • 13 minutes ago
মৰিগাঁও: অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত চলিত বৰ্ষৰ বৰগীত বিশাৰদ চূড়ান্ত পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰি মৰিগাঁও জিলালৈ ফুলবাৰীৰ কৃতী ছাত্ৰী নিমিষা নাথে গৌৰৱ কঢ়িয়াই আনিছে । ঘোষিত ফলাফল অনুসৰি, নিমিষাই সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । নিমিষাৰ এই সাফল্যই সমগ্ৰ জিলাখনতে এক আনন্দৰ জোৱাৰ তুলিছে ।মৰিগাঁও সদৰৰ ফুলবাৰীৰ বাসিন্দা জয়ন্ত কুমাৰ নাথ আৰু পল্লবী কাকতিৰ সুযোগ্য কন্যা নিমিষা বৰ্তমান মৰিগাঁও জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী । বিদ্যালয়ৰ পাঠ্যক্ৰমৰ সমান্তৰালকৈ তেওঁ মৰিগাঁৱৰ শংকৰ মাধৱ সত্ৰীয়া সংস্কৃতি মহাবিদ্যালয়ত বৰগীতৰ নিয়মীয়া শিক্ষা গ্ৰহণ কৰি আহিছে । সংগীতৰ প্ৰতি থকা একাগ্রতা, অধ্যৱসায় আৰু নিয়মীয়া সাধনাৰ ফলতেই নিমিষাই এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি শিক্ষাগুৰুসকলে ব্যক্ত কৰিছে ।নিমিষা নাথৰ এই বিৰল কৃতিত্বত শংকৰ মাধৱ সত্ৰীয়া সংস্কৃতি মহাবিদ্যালয়ৰ অধ্যক্ষা মামণি মহন্ত, শিক্ষক-শিক্ষয়িত্ৰীসকল, মৰিগাঁও জাতীয় বিদ্যালয়ৰ শিক্ষকমণ্ডলী, সাংস্কৃতিক মহলৰ লগতে বিভিন্ন শুভাকাংক্ষীয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । অভিভাৱক আৰু স্থানীয় ৰাইজৰ মতে, নিমিষাৰ এই সাফল্যই মৰিগাঁও জিলাৰ সাংস্কৃতিক পৰম্পৰাক এক নতুন মৰ্যাদা প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্মক বৰগীত তথা সত্ৰীয়া সংস্কৃতি চৰ্চাৰ প্ৰতি অধিক উৎসাহিত কৰিব । আগন্তুক দিনতো নিমিষাই বৰগীত আৰু সত্ৰীয়া সংস্কৃতিৰ সাধনাৰে জিলাখনৰ উপৰিও সমগ্ৰ ৰাজ্য তথা দেশৰ নাম উজলাই তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।লগতে পঢ়ক : ৰাসৰ সেই জনপ্ৰিয় সুৰটিৰ আঁৰৰ ব্যক্তিজন কোন ?লগতে পঢ়ক : ৰাজ্যৰ জটিল বান পৰিস্থিতি: বন্যাৰ্তৰ দুখ ভগাই ল’লে অসমীয়া শিল্পীয়ে

Category

🗞
News
Transcript
00:00Oh
00:40I don't know.
01:00I am so happy to see you in the next video.
01:05I will be able to talk to you in the next video.
01:07I am very happy to hear.
01:22I am very happy to hear you.
01:29It was a very good day.
01:33I would take a couple of weeks to go to school.
01:37I would like to have a great day.
01:44I would like to have a great day.
01:46I would like to have a great day.
01:48I'm sorry.
01:49I'm sorry.
01:51I'm sorry.
01:53I'm sorry.
Comments

Recommended