টীয়ক: বৰ্তমান ৰাজ্যৰ অধিকাংশ নগৰ-চহৰেই কৃত্ৰিম বানৰ কবলত পৰিছে । অপৰিকল্পিত গৃহ, পথ, নলা নিৰ্মাণৰ ফলত কৃত্ৰিম বানে জুৰুলা কৰিছে সাধাৰণ জনতাক । একেদৰে এজাক বৰষুণতে পানীৰ তলত টীয়ক নগৰৰ মাজেদি যোৱা নৱনিৰ্মিত চাৰিলেনযুক্ত পথ । উল্লেখযোগ্য উক্ত পথছোৱা তথা নলাসমূহ নিৰ্মাণ কৰোঁতেই স্থানীয় সচেতন ৰাইজ, বিভিন্ন দল-সংগঠনে পথ নিৰ্মাতা সন্থা তথা এনএইচআইডিচিএলক টীয়কত যে কৃত্ৰিম বান সৃষ্টি হ'ব সেয়া অৱগত কৰিছিল ।তথাপিও উৰ্ধতম কৰ্তৃপক্ষই ৰাইজৰ কথা আওকাণ কৰি নিজৰ ময়মতালিৰে কোনো জোখ-মাখ নোহোৱাকৈ এইদৰে ঠায়ে ঠায়ে পথতকৈ ওখ বা ঠায়ে ঠায়ে চাপৰকৈ নিৰ্মাণ কৰি নিজৰ দায়িত্ব সামৰিলে আৰু তেতিয়াৰে পৰা এজাক বৰষুণ দিলেই এইদৰে পথছোৱা পানীৰ তলত ডুব গৈ আহিছে ।এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য ৰণ্টু ভুঞা টীয়কত উপস্থিত হৈ কয়, "এনএইচআইডিচিএল তথা উৰ্ধতম কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতেই এতিয়া ৰাইজে এইদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । আমি বহুবাৰ এই পথছোৱা তথা নলাবোৰ নিৰ্মাণ কৰি থাকোতেই ইয়াত যে কৃত্ৰিম বানৰ সৃষ্টি হ'ব সেয়া অনুভৱ কৰি তেওঁলোকক জনাইছিলোঁ, ৰাইজেও অভিযোগ দিছিল । কিন্তু এনএইচআইডিচিএল কৰ্তৃপক্ষই তেতিয়া কোনো গুৰুত্ব নিদিলে, যাৰ ফল আজি ৰাইজে ভোগ কৰিছে ।"তেওঁ আৰু কয়,"ইপিনে যোৱা ডেৰ-দুবছৰৰ আগতে ৰাইজৰ অভিযোগৰ ভিত্তিত উৰ্ধতম কৰ্তৃপক্ষই নলা তথা পথছোৱা পুনৰ জৰীপ কৰিবলৈ নিৰ্দেশনা দিছিল যদিও কোনো কোনো নিদিষ্ট স্থানত জৰীপ তথা মেৰামতি কৰিয়েই ৰহস্যজনকভাৱে দায়িত্ব সামৰিলে ঠিকাদাৰী পক্ষই । সেয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি পথছোৱাৰ এই সমস্যা ততাতৈয়াকৈ সমাধান কৰিবলৈ আমি জিলা প্ৰশাসন তথা দায়বদ্ধ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ ।"লগতে পঢ়ক: ভাৰতীয় ৰে'লৱেত নিযুক্তিৰ নামত দুষ্টচক্ৰৰ গোপন বেহা; লাখে লাখে ধন সংগ্ৰহ প্ৰৱঞ্চকৰ - ইটিভি ভাৰত অসমজোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ - প্ৰদেশ কংগ্ৰেছ কমিটি
Comments