Skip to playerSkip to main content
  • 4 months ago
সোণাপুৰ: গুৱাহাটীৰ প্ৰৱেশদ্বাৰ স্বৰূপ যোৰাবাটত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷ দেওবাৰৰ পৰা হোৱা এই বানে সোমবাৰেও বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত সেই স্থানত থকা লোকৰ লগতে পথচাৰীৰ জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৷ দেওবাৰে নিশাৰে পৰা যোৰাবাটত সৰু-বৰ কেইবা শতাধিক বাহন আবদ্ধ হৈ পৰিছে ।এই অভাৱনীয় পৰিস্থিতিৰ বাবে উজনি আৰু নামনি অসমৰ লগতে কাষৰীয়া ৰাজ্য মেঘালয়লৈ অহা-যোৱা কৰা সহস্ৰাধিক সাধাৰণ যাত্ৰী আটাইতকৈ বেছি দুৰ্ভোগ ভুগিব লগাত পৰিছে ৷ বহু সময় ধৰি মাজৰাস্তাতে আবদ্ধ হৈ থকাৰ ফলত জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে । এই তীব্ৰ যানজঁটৰ বাবে কেইবাখনো জৰুৰীকালীন সেৱাৰ এম্বুলেন্সো আবদ্ধ হৈ আছে ৷এগৰাকী স্থানীয় লোক কয়, ‘‘অপৰিকল্পিত নলা নিৰ্মাণ আৰু মেঘালয়ৰ পাহাৰ কটাৰ বাবেই প্ৰতিবছৰে যোৰাবাটত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হয় । চৰকাৰে ইয়াৰ বিকল্প ব্যৱস্থা কৰিব লাগে ৷ যিমান গভীৰ নলাৰ প্ৰয়োজন হয়, সিমান বনাব লাগে ৷ কিন্তু এনে কৰা দেখা নাই ৷ ফলত প্ৰতি বছৰে এনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে ৷’’উল্লেখ্য যে, এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যান-বাহন আৰক্ষীয়ে চেষ্টা চলাইছে । লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান; উজনিলৈ কোনটো পথেৰে যাব ?

Category

🗞
News
Transcript
00:00As a result, the population has been affected by the population of Lali.
00:17The population has been affected by the population of Lali.
00:25They've been affected by the population of Lali.
00:30It is taken a while in the past and the rest of it is taken a while later.
00:36It was taken away from their food but it was taken out and it was taken away from life.
00:40It was taken away from the last but many years.
00:45The time it was taken away from a while.
00:50The government has no time to do this.
00:54If the government has no time to do this,
00:59then they will be able to do this.
01:02The government has no time to do this.
01:04The government has not been around the world,
01:09but the government has no time to do this.
01:28This is the most difficult situation in the city of Mekhalo, Monipur, Mizoram, Agatala, Udhanimuha,

Recommended