Skip to playerSkip to main content
  • 3 minutes ago
যোৰহাট : ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ কায়িকভাৱে আঁতৰি যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল । শনিবাৰে সমগ্ৰ ৰাজ্যজ্যুৰি জুবিন দিৱস পালন কৰা হৈছে । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰিছে ৷ উচুপি উঠিছে তেওঁৰ অনুৰাগীসকল । যোৰহাটৰ সৈতে জুবিনৰ নিবিড় সম্পৰ্ক আছিল  ৷ পুলিবৰ সৰুচৰাইত জুবিনৰ মোমায়েকৰ ঘৰ ৷ আজি হাহাকাৰ কৰি ফুৰিছে মোমায়েক-মামীয়েকৰ হৃদয় ৷ মামীয়েক অলি অধ্যাপকে কয়, “আজি জুবিনৰ কথাবোৰে মোক বৰকৈ আমনি কৰিছে । সি নিশা প্ৰায়ে ১২ বজাৰ পৰা ১বজাৰ ভিতৰত ইয়ালৈ আহিছিল আৰু তাৰ সৈতে কথা পাতিবলৈ শোৱাপাটীৰ পৰা মোমায়েকক উঠাই লৈ গৈছিল । তাৰ প্ৰিয়বস্তুবোৰ দিবলৈ সি মোক আমনি কৰিছিল । সি সৰুৰ পৰাই ৰুটি আৰু চুজি খাই ভাল পাইছিল, সেয়েহে তাৰ কাৰণে মই ৰুটি বেলেগকৈ লুকুৱাই ৰাখিছিলোঁ । পকা মিঠৈ তাৰ প্ৰিয়, কৰবাত প্ৰগেমলৈ গ’লে লৈ গৈছিল, তাৰ সেই কথাবোৰে মোক বৰকৈ আমনি কৰি থাকে ।"মোমায়েক নৃপেন্দ্ৰ নাথ অধিকাৰীয়ে কয় যে সি ৰাতি প্ৰায়ে শোৱাপাটী পৰা তেওঁক উঠাই আনিছিল । ইমান ৰাতি কিয় আহিছ বুলি সুধিলে কয়- ‘তঁহতক মই চাবলৈ আহিছো’ ।উল্লেখ্য যে, কলেজত পঢ়ি থকাৰ সময়ত প্ৰায়েই পুলিবৰৰ মোমায়েকৰ ঘৰত আছিল জুবিন গাৰ্গ লগতে আছিল জংকীও । যোৰহাট নগৰৰ ক্লাৱ ৰোডৰ ঘৰৰ পৰা জুবিনে চাইকেল চলাই প্ৰায়েই মোমায়েকৰ ঘৰলৈ আহিছিল । ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ বহু স্মৃতি এই ঘৰটোৱে কঢ়িয়াই ফুৰে ৷লগতে পঢ়ক : জন্মদিনত চাকি জ্বলালে নে নাই নাজানো! কিন্তু আজি এগছি চাকি জ্বলাব-কাৰ মুখত এই কথা?

Category

🗞
News
Transcript
00:11Thank you so much for joining us today.
00:14Thank you so much for joining us today.
Comments

Recommended