যোৰহাট: সাতদিনৰ পূৰ্বে বোকাখাতৰ লহৰে চাপৰিত নাহফুটুকীৰ আক্ৰমণত আহত হৈছিল চাৰিজনকৈ লোক ৷ আহতসকলৰ ভিতৰত আছিল অশ্বিনী পেগু, হেমপ্ৰসাদ কামান, দেৱৰঞ্জন কামান আৰু মেনি পাৱয়ে ৷ আহত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয় মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু মঙলবাৰে পুৱতি নিশা সাতদিন জীৱন-মৃত্যুৰে যুঁজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বাঘৰ আক্ৰমণত আহত অশ্বিনী পেগু নামৰ লোকজন ৷ইফালে মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ বাঘৰ আক্ৰমণত আহতসকলৰ খৰব ল'লে মন্ত্ৰী অতুল বৰাই ৷ বাঘৰ আক্ৰমণত আহত আটাইকেইজনকে সহায়, সহযোগিতাৰ আশ্বাস দিয়ে মন্ত্ৰী বৰাই । উল্লেখ্য যে, বোকাখাটৰ একাংশ অঞ্চলত বন্যজন্তুৱে সন্ত্ৰাস চলাই ঘৰচীয়া জন্তু ভক্ষণ কৰা লগতে মানুহকো আক্ৰমণ কৰে ৷ ফলত ভিন্ন সময়ত বহু লোকৰ মৃত্যু ঘটনা সংঘটিত হৈছে ৷লগতে পঢ়ক : জোনাইত লেকু নদীত তীব্ৰ খহনীয়া: খহনীয়াত জাহ গৈছে 'পবা'ৰ বহু মূল্যৱান গছ-গছনি, নাৰ্চাৰী
Comments