Skip to playerSkip to main content
  • 2 days ago
ধেমাজি: বৃহত্তৰ উত্তৰ-ধেমাজিয়ে পালে এজন চিকিৎসক ৷ কঠোৰ সংগ্ৰামৰ মাজেৰে অৰ্জন কৰিলে এই কৃতিত্ব । চিকিৎসা বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কিশোৰ চিন্তেক লৈ গাঁওবাসীৰ মাজত আনন্দৰ ঢল ৷ ঢোলে-দগৰে নাচি-বাগি শোভাযাত্ৰা কৰি ঘৰলৈ আদৰি আনে গাঁওবাসীয়ে ৷  শুকুৰবাৰে প্ৰখৰ ৰ’দকো নেওচি এক কিঃমিঃ পথৰে শোভাযাত্ৰা কৰে মেধাবী ছাত্ৰজনক লৈ ৷ গাঁৱৰ পদূলিয়ে পদূলিয়ে পিন্ধায় গামোচা ৷ ইয়াৰ পিছতে কিশোৰ চিন্তেৰ বাসগৃহত ভোগেশ্বৰ চিন্তেই আঁত ধৰা সম্বৰ্ধনা সভাত গাওঁবাসীয়ে এখন অভিনন্দন পত্ৰ, ফুলাম গামোচা, চেলেং আদিৰে সন্মান জনোৱা হয় ৷অভাৱে কোঙা কৰা স্বত্বেও পিতৃ পদ্মধৰ চিন্তে আৰু মাতৃ ললিতা টাৱ চিন্তেই অশেষ কষ্ট কৰি পুত্ৰক মানুহ কৰা বাবে প্ৰয়োজনীয় সকলোখিনি যোগাৰ কৰি দিছিল ৷ অৱশেষত পোৰা সোণ হৈ জিলিকিল ল’ৰাজন ৷  চিকিৎসক কিশোৰ চিন্তেয়ে এই সন্দৰ্ভত কয়,"মোৰ এই ফলাফলৰ আঁৰত, মোৰই অকল কষ্ট বুলি নাভাৱোঁ । মোৰ পিছফালে মা-দেউতা, ভন্টি, মোৰ গাঁওবাসী আৰু ঘৰৰ সম্পৰ্কীয় সকলো মানুহৰ আশীৰ্বাদ আছে ৷" অসমৰ মুঠ ১,২০১জন ছাত্ৰ-ছাত্ৰীৰ মাজত ৫৬০ নং স্থান দখল কৰি গাঁওখনৰ বৃহত্তৰ উত্তৰ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনে চিকিৎসকগৰাকীয়ে  ৷ লগতে পঢ়ক: এখন বিদ্যালয়ত অনুষ্ঠিত হৈছে নিৰ্বাচন, প্ৰাৰ্থিত্ব আগবঢ়াইছে কণ কণ ছাত্ৰ-ছাত্ৰীয়েকৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অমোঘ অস্ত্ৰ-মানসিক শক্তি আৰু আত্মবিশ্বাস

Category

🗞
News
Transcript
00:00my fashioned really 생 cicero
00:03as a result of war
00:03I have to call because in my naj Savage
00:07I have to call back
00:09I have become a Peace
00:09to call back
00:10I have become a good friend
00:13I've been from ek 보
00:13since 2011
00:14were a始末
00:18our family allets
00:20that were nice
00:21I took the with you
00:23I took work
00:24when I was hurt
00:49Thank you very much.
01:14Thank you very much.
01:29Thank you very much.
01:56Thank you very much.
Comments

Recommended