ডিব্ৰুগড়: মৰাণৰ চেপন শ'লগুৰিত চেপন-চূণপোৰা পথত বুধবাৰে নিশা এটা মৃত নাহৰফুটুকী উদ্ধাৰ হয় । স্থানীয় ৰাইজৰ মতে, তীব্ৰ বেগত অহা অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু ঘটে । বাহনখনে নাহৰফুটুকীটো খুন্দা মাৰি সেই ঠাইৰ পৰা পলায়ন কৰে ।এই খবৰ জানিব পাৰি বুধবাৰে নিশাই ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । বন বিভাগৰ লোকে মৃত নাহৰফুটুকীটোৰ বয়স প্ৰায় তিনি বছৰ হ’ব বুলি অনুমান কৰিছে ।উল্লেখযোগ্য যে, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ ত্ৰাসত বছৰৰ পাছত বছৰ ধৰি ৰাইজে সমস্যাত পৰিব লগা হৈছে । বাঘৰ ভয়ত সন্ধিয়া হ'লে কোনো লোক ঘৰৰ পৰা ওলাই নহা পৰিৱেশ সৃষ্টি হৈছে । দৈনিক বাঘে পোহনীয়া গৰু, ছাগলী, গাহৰিকে ধৰি জীৱ-জন্তু ভক্ষণ কৰি আহিছে । কিন্তু ইয়াৰ মাজতে ৰাজপথত মৃত নাহৰফুটুকীটো উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে ।এই ঘটনাক লৈ স্থানীয় এজন লোকে কয়, "আজি কিছু বছৰৰ পৰা আমাৰ অঞ্চলটোত বাঘৰ ত্ৰাস দেখি আহিছো । বন বিভাগৰ সহযোগত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিলো ৷ কিন্তু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা এটা নাহৰফুটুকী আজি উদ্ধাৰ হৈছে ।’’ বন বিভাগৰ এজন লোকে কয়, "নাহৰফুটুকী এটা গাড়ীৰে মহটিয়াই লৈ যোৱাৰ খবৰ পাইছিলো ৷ খবৰ পোৱাৰ মাত্ৰে আমি উক্ত স্থানত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰো ৷ এই নাহৰফুটুকীটোৰ বয়স প্ৰায় 3 বছৰ হ’ব ৷" লগতে পঢ়ক : যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
Comments