Skip to playerSkip to main content
  • 2 days ago
লখিমপুৰ : মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ অব্যাহত আছে । কংগ্ৰেছ তথা বিৰোধীয়ে দেশৰ নাৰীক অৱহেলা কৰাৰ অভিযোগত বিজেপিয়ে জন আক্ৰোশ মহিলা সন্মিলন শীৰ্ষক কাৰ্যসূচীও ৰূপায়ণ কৰিছে । তাৰ অংশ হিচাপে লখিমপুৰত মহিলা মৰ্চাৰ উদ্যোগতো জন আক্ৰোশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদত অংশ লৈ এগৰাকী মহিলাই কয়, "১৭ এপ্রিলৰ দিনটো ভাৰতৰ নাৰীৰ বাবে ক'লা দিন । এইটো দিনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত উত্থাপন কৰা নাৰী শক্তি বন্দন অধিনিয়ম কংগ্রেছসহ বিৰোধী দলে বিৰোধিতা কৰি বাধা দিয়ে । যদি এগৰাকী নাৰীয়ে এখন ঘৰ চলাব পাৰে, এখন বিমান চলাব পাৰে, চন্দ্রলৈ যাব পাৰে তেন্তে ৰাজনৈতিক সংৰক্ষণৰ অধিকাৰ লৈ কিয় দেশৰ স্বাৰ্থত কাম কৰিব নোৱাৰে ? নাৰীক কিয় মৌলিক অধিকাৰ দিয়া হোৱা নাই ? কংগ্রেছসহ বিৰোধী দলে কিয় নাৰীক অৱহেলা কৰিছে ? তেওঁলোকৰ মতে নাৰী ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ কেৱল ভোটবেংক হৈ থাকক । পিছে আমাক আমাৰ অধিকাৰ লাগিবই ।" এই কাৰ্যসূচীত লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ কৃষ্ণাধৰ সেন সহ ভালেখিনি সমাজ সচেতন মহিলাই অংশগ্রহণ কৰে ৷লগতে পঢ়ক :মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীৰে তেজপুৰৰ ৰাজপথত মহিলাৰ প্ৰতিবাদ

Category

🗞
News
Transcript
00:00Snipli paut!
00:01Nari kothikar lagibhoi
00:05nama kothikar lagibhoi
00:09Nari hakti zindaba
00:12Nari hakti khanman koreksa alam
00:20Saksi zindaba
00:21I'm sorry, I'm sorry, I'm sorry, I'm sorry.
00:51I'm sorry, I'm sorry, I'm sorry.
01:46I'm sorry, I'm sorry.
02:07I'm sorry, I'm sorry.
02:11I'm sorry, I'm sorry.
02:27I'm sorry.
Comments

Recommended