Skip to playerSkip to main content
  • 2 weeks ago
সোণাপুৰ : কলং নৈৰ পাৰৰ গছৰ তলত জীপাল হ’ল মধ্য মালয়বাৰী মুকলি বিহু । প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ডিমৰীয়াৰ মধ্য মালয়বাৰী ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত দেওবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় পৰম্পৰাগত গছৰ তলৰ মুকলি বিহু ।  অসমীয়াৰ বাপতি সাহোন বিহুৰ এই বৰ্ণাঢ্য অনুষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । পৰম্পৰা অনুসৰি কলং নৈৰ পাৰত থকা এক বিশাল আঁহত গছৰ তলত বিহুৰ বাকৰি সজাই ঢোলৰ গুমগুমণি আৰু পেঁপাৰ মাতত মুখৰিত হৈ পৰে মালয়বাৰী অঞ্চল ।  বিহুৰ মূল অনুষ্ঠানৰ বিহু বাকৰি উদ্বোধন কৰে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডঃ তপন দাসে । উদ্বোধনী ভাষণত তপন দাসে কয়, "এনেধৰণৰ পৰম্পৰাগত মুকলি বিহুৱে আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে । কলং নৈৰ পাৰৰ এই সুন্দৰ পৰিৱেশত বিহু উদযাপন কৰাটো এক আশাব্যঞ্জক পদক্ষেপ ।" অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ ৰাজবংশীয়ে । বিহুতলীত কেইবাটাও আমন্ত্ৰিত বিহু দল আৰু বাৰেৰহণীয়া সাংস্কৃতিক দলে নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰে । লগতে পঢ়ক:প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰএনাজৰীৰে বান্ধ খোৱা চেনেহী বিহুক কিয় কয় 'জীয়ৰী বিহু' বুলি ?

Category

🗞
News
Transcript
00:00The
Comments

Recommended