যোৰহাট : অসমৰ ভূমিৰ পৰশ নোপোৱাই বুজিব নোৱাৰে এই আৱেগ- মঞ্চত জুবিন, অনুৰাগীৰ বোকাত নৃত্য, কিন্তু হেৰাই গ’ল সকলো ! প্ৰতিজন অসমীয়াৰ বাবে হেঁপাহৰ ব’হাগ বিহু মানেই যেন জুবিন গাৰ্গৰ গীত । কিন্তু এইবাৰৰ বিহুৰ মঞ্চত জুবিন গাৰ্গৰ অনুপস্থিতিয়ে অনুৰাগীসকলক বাৰুকৈয়ে মৰ্মাহত কৰি তুলিছে । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অনুপস্থিতি সকলোৰে বাবে অসহ্যকৰ, জুবিন বিহীন এইবাৰ ব’হাগত পূৰ্বৰ দৰে নাই উৎসাহ ৷ বহু পৰিমাণে ম্লান পৰা দেখা গৈছে ৰঙালীৰ উছাহ ৷ যিসমূহ মঞ্চত বিহু অনুষ্ঠিত হৈছে তাত প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে পৰিবেশন কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ অমৰ সৃষ্টি সুৰীয়া গানসমূহ ৷ সোমবাৰে নিশা যোৰহাটত জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ সংগীতানুষ্ঠান আছিল ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে জানিব পাৰিছেই যে, দীক্ষুৱে জুবিনৰ গান গাই বৰ্তমান কিমান প্ৰশংসা বুটলিছে ৷ বহুতে দীক্ষুৰ মাজতে বিচাৰি পাইছে মৰমৰ জুবিন দাক ৷ ২৬ এপিলত পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত মঞ্চ বিহুত ধাৰাবাহিকভাৱে দীক্ষুয়ে পৰিৱেশন কৰি আছিল জুবিন গাৰ্গৰ প্ৰিয় গানসমূহ আৰু তেতিয়া ঘটি যোৱা এক ঘটনাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এগৰাকী অনুৰাগী চৰম আৱেগিক হৈ পৰে । আৱেগ ধৰি ৰাখিব নোৱাৰিলে তেওঁ ৷ বোকাত শুই শুই অনুৰাগীগৰাকীয়ে জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰি হুকহুকাই কান্দি উঠে । বোকাত বাগৰি বাগৰি সোঁৱৰণ কৰে প্ৰিয় শিল্পীগৰাকীক । অসমৰ মাটি আৰু সংস্কৃতিৰ লগত জুবিন গাৰ্গৰ আৱেগ ইমান গভীৰভাৱে জড়িত হৈ আছে যে, তেওঁৰ অনুপস্থিৰ শূন্যতা কোনোৱেই সহজভাবে গ্ৰহণ কৰিব পৰা নাই ।লগতে পঢ়ক : শূন্যতাৰ মাজত সংগীতৰ স্পন্দন: জুবিন ক্ষেত্ৰত ইন্দ্ৰাণী তালুকদাৰৰ অনন্য সংগীতানুষ্ঠান
Comments