Skip to playerSkip to main content
  • 11 months ago
গুৱাহাটী: পোনপ্ৰথমবাৰৰ বাবে ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিশ্ববিখ্যাত সংগীত শিল্পী প'ষ্ট মেলনে । অসমৰ গুৱাহাটীত সোমবাৰে অসম চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে বিশেষ কনচাৰ্টৰ । তাৰ পূৰ্বে গুৱাহাটীত আহি উপস্থিত হৈছে প'ষ্ট মেলনৰ বেণ্ডৰ সদস্যসকল । গুৱাহাটীত উপস্থিত হৈয়ে বেণ্ডৰ সদস্যসকলে দৰ্শন কৰে শক্তিপীঠ কামাখ্যা মন্দিৰ । দেওবাৰে বেণ্ডটোৰ কেইবাগৰাকী সদস্যই কনচাৰ্টৰ পূৰ্বে মা কামাখ্যাৰ আশিস লয় ।কামাখ্যা মন্দিৰত উপস্থিত হৈ অতি উৎফুল্লিত হৈ পৰে প'ষ্ট মেলনৰ সহকাৰী শিল্পীসকল । লগতে অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বেণ্ডটোৰ সদস্যসকল । এগৰাকী সদস্যই কয়, "ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি, অসমলৈ আহি খুব ভাল লাগিছে । ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যথেষ্ট আগ্ৰহী হৈ আছো ।" আন এগৰাকী শিল্পীয়ে কামাখ্যা মন্দিৰ আৰু অসমৰ সংস্কৃতিৰ প্ৰশংসা কৰে । দেওবাৰে পুৱাই প'ষ্ট মেলনৰ দুগৰাকী সহশিল্পী, এগৰাকী মেনেজাৰ আৰু ৩ গৰাকী প্ৰডাকচনৰ সদস্যই কামাখ্যা দৰ্শন কৰে । তাৰ ভিতৰত আয়োজক বুক মাই শ্ব'ৰ প্ৰতিনিধিও আছিল । উল্লেখ্য যে অসমৰ কনচাৰ্ট পৰ্যটনৰ অংশ হিচাপে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প'ষ্ট মেলনৰ সংগীতানুষ্ঠান । সোমবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।লগতে পঢ়ক :প'ষ্ট মেলনৰ কনচাৰ্টলৈ অহাৰ পূৰ্বে জানি লওঁক এইকেইটা কথা...

Category

🗞
News
Transcript
00:00Thank you very much.
00:30Oh
02:30Thank you very much.
02:31First time in India?
02:32And I hear this is your first time having a show this big.
02:35We are very excited.
02:36We are going to bring it.
02:38It's going to be a fun night.
02:40This is so beautiful.
02:42I'm getting to see this amazing temple and get the history and just see the beauty and
02:49the culture of what you have here in India.
02:51Thank you very, very much for having us.
02:53I feel, it feels like a dream in some ways, you know, it feels very beautiful.
03:00I feel the energy and the power of the temple and just the whole experience feels incredible.
03:08We are from Bombay.
03:09We are from Bookmatch Show.
03:11We are taking a very famous concert, a very famous singer.
03:14We are taking a very famous concert.
03:15We are taking a very famous singer.
03:16We are two band's singers and a production manager.
03:20We are taking a very famous concert.
03:50Kimberley, Kimberley, Kimberley, has come to our live station and this is our production manager.
03:58This is our band's band's band.
04:00We are very good and we are coming here and we are going to start our concert with blessings.
04:07So, we know that everything is powerful and powerful.

Recommended