Skip to playerSkip to main content
  • 2 weeks ago
শিৱসাগৰ : উজনি অসমৰ বান বিভীষিকাৰ কথা নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই । ৰাজ্যৰ লগতে দেশ তথা বিদেশতো শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ শেহতীয়া বান পৰিস্থিতিয়ে সকলোকে মূক কৰি তুলিছে । লগতে সকলোৱে বানাক্ৰান্তসকলক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ হাত উজান দিছে ।  তাৰে মাজতে শনিবাৰে বানাক্ৰান্তসকলক সাহায্য আগবঢ়াবলৈ শিৱসাগৰত উপস্থিত হয় বলিউডৰ অভিনেতা ৰণদ্বীপ হুদা । শিৱসাগৰলৈ আহি বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে গ্ল'বেল শিখ নামৰ সংস্থাটোৰ সদস্যসকলৰ সৈতে বান সাহায্য আগবঢ়ায় ।  ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ আহি বলিউডৰ তাৰকাগৰাকীয়ে শিৱসাগৰ টাউন ৰে'লৱে ষ্টেচনত খাটপথাৰ অঞ্চলৰ বানাক্ৰান্তসকলক নিজ হাতে এসাঁজ আহাৰ পৰিবেশন কৰে । আনহাতে, শিৱসাগৰৰ বান পৰিস্থিতিক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰি বানাক্ৰান্তসকললৈ সমবেদনা প্ৰকাশ কৰাৰ লগতে দুৰ্গতসকলক সহায়ৰ বাবে সকলোলৈকে আহ্বান জনায়‌ ।তেওঁ কয়, "মই বহু সময়ৰ পৰা টিভিত দেখি আছিলোঁ যে কি হৈ আছে । মই গ্ল'বেল শিখ অৰ্গেনাইজেচনৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ আছোঁ । দলটো এসপ্তাহ পূৰ্বেই ইয়ালৈ আহিছে । তেওঁলোকে উদ্ধাৰ অভিযানৰ লগতে প্ৰাথমিক প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰি আছে । আজি মই তেওঁলোকৰ সৈতে আহিছোঁ আৰু পৰিস্থিত দেখি বহুত দুখ হৈছে । কিমান লোকচান হৈছে, কিমান পানী হৈছে, কিমান গাঁও ডুব গৈছে । সকলোৱে আগবাঢ়ি আহি সহায় কৰিব লাগে আৰু মই গ্ল'বেল শিখৰ জৰিয়তে ইয়ালৈ আহি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি কৰিছেঁ ।"লগতে পঢ়ক :বানপীড়িত ৰাইজক সহায় কৰিবলৈ ডিব্ৰুগড়ত জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা

Category

🗞
News
Transcript
00:22I was watching a lot of times what was going on on TV and I was with the Global 6
00:28organization
00:29for many years.
00:31The team was here a week ago and they had a rescue.
00:36After the rescue, the basic material was released in relief.
00:47I have come with them and I have a lot of pain.
00:57I have come with me .
01:05Thank you very much.
01:53Thank you very much.
Comments

Recommended