গুৱাহাটী : "অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো; তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি, নেনাচি কেনেকৈ থাকো...।" হয়, এয়া ব'হাগৰ বতৰ । মন-প্ৰাণ উতলা কৰা বতৰ । তেনে বতৰত এবাৰনো নেনাচি কোনে থাকিব পাৰে ।সঁচাকৈয়ে বিহুৱা-নাচনীৰ পৰা আৰম্ভ কৰি আবাল-বৃদ্ধ-বণিতা, সকলো এতিয়া ৰঙালীৰ ৰঙত ৰঙীন । অৱশ্যে বৰ্তমান ৰাজ্যত ৰঙালী বিহুৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনৰো বা বলি আছে । সেয়ে ৰাজনৈতিক নেতা-কৰ্মীসকল বিহুৰ লগতে নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত হৈ পৰিছে । কিন্তু তাৰ মাজতে সোমবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক । মুখত বিহুনাম আৰু ঢোলৰ ছেৱত হেঁপাহ পলুৱাই কঁকাল ভাঙি নাচিলে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীয়ে ।"কুলিৰ কোমল মাত, দীঘলীয়া বাট, ক'লৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত..." মুখত এই বিহুনামৰ কলিৰ সমান্তৰালভাৱে নাচনী-বিহুৱাৰ সমানে সমানে কঁকাল ভাঙি নাচিলে মন্ত্ৰী অতুল বৰাই ।মুখত নাই কোনো ৰাজনৈতিক ব্যস্ততাৰ চাপ, নাই কোনো দলীয় মতান্তৰ- তাৰ পৰিৱৰ্তে এটাই মাথোঁ প্ৰকাশ, ব'হাগৰ বতৰত নাচি যাওঁ এপাক ।লগতে পঢ়ক :কিয় "গৃহবন্দী" কৰা হৈছিল পুৰুষোত্তম দাসক ! ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত’ শীৰ্ষক গীতটোৰ সৃষ্টিৰ আঁৰৰ কাহিনী - SHREEMOYI ASOMIR SITOL BUKUT UTHEলগতে পঢ়ক :ৰংজালি বৈশাগুৰ ৰঙেৰে ৰঙীন চিমেন চাপৰি - RONGJALI BWISAGU
Transcript
00:00...
00:10...
00:54Oh
01:24Oh