Skip to playerSkip to main content
  • 11 hours ago
বিশ্বনাথ : ৰাজ্যৰ প্ৰতিখন জিলা আৰু সমজিলাত প্ৰশাসনৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমজিলাতো প্ৰশাসনে স্বাধীনতা দিৱস উদযাপন কৰে । বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজিত এই স্বাধীনতা দিৱসত বিসংগতি দেখা গ'ল । সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে উত্তোলন কৰাৰ সময়তে ৰছী ছিঙি সৰি পৰিল জাতীয় পতাকা । যাক লৈ উপস্থিত ৰাইজ তথা অতিথিসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অনুষ্ঠানৰ ব্যৱস্থাপনাত গাফিলতিৰ অভিযোগ উঠিছে । স্বাধীনতা দিৱসৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত এনে গাফিলতি গ্ৰহণযোগ্য নহয় বুলিও সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে । ইফালে স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিভিন্ন শিক্ষানুষ্ঠান আৰু স্থানীয় ৰাইজেও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।লগতে পঢ়ক :বিধায়ক শ্বেৰমান আলীয়ে উত্তোলন কৰোতেই সৰি পৰিল পতাকা

Category

🗞
News
Transcript
00:03No.
00:30Amen.
Comments

Recommended