ধুবুৰী: অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল । ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ সেৱা জনাই মন্ত্ৰীগৰাকীয়ে ।গুৰুদ্বাৰ দৰ্শনকালত সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে আন আন জিলাৰ তুলনাত ধুবুৰী জিলা বহু পিছপৰি আছে । সেয়ে বেলেগ জিলাৰ দৰে ধুবুৰী জিলাখনো সমানে প্ৰগতিৰ পথত আগবাঢ়ি যাব লাগিব বুলিও মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ।তেওঁ কয়, "ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি আহিছোঁ । ধুবুৰীৰ ৰাইজৰ লগত আলোচনা কৰিম, ক'ত কি গণ্ডগোল হৈ আছে সেইবিলাক ঠিক কৰিব লাগিব ।"মন্ত্ৰী অশোক সিংহলে লগতে কয়, "ধুবুৰী জিলাত, ধুবুৰী চহৰস্থিত গুৰুদ্বাৰত আহি গুৰুৰ ওচৰত সেৱা কৰাৰ মোৰ সৌভাগ্য হ'ল । ই এক পৱিত্ৰ স্থান, য'ত দশম শিখ গুৰু টেগবাহাদুৰজী আহি কেইবা বছৰ তপস্যা কৰিছিল ।"লগতে পঢ়ক :১২ বছৰীয়া কাৰ্যকালত দেশত প্ৰগতিয়েই প্ৰগতি: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল
Comments